নগাঁৱত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক 

Sharing is caring!

 

 টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ বন্ধ সমৰ্থকৰ

বন্ধ সমৰ্থকক ব্যৱসায়ীৰ মাৰপি  জাতীয় সংগঠনৰ এজাহাৰ 

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৰাজ্যখনৰ ৪৬ টাকৈ সংগঠনে আজি আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে নগাঁও জিলাত ৷

জিলাখনৰ সমূহ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থকাৰ লগতে সকলো ধৰণৰ যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকে৷

বন্ধ সমৰ্থকসকলে নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন স্থানত পথৰ ওপৰত টায়াৰ জ্বলাই বন্ধ সফল কৰাৰ চেষ্টা চলায়৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সদস্যসকলে নতুন বজাৰত টায়াৰ জ্বলাই বিধেয়কখনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

পৰিষদৰ সদস্যসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হ’বই লাগিব আদি বিভিন্ন ধ্বনি দি উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷

জিলাখনৰ উৰিয়াগাঁৱত বাইপাচ পথ , ধিং গেট, হয়বৰগাঁও, জখলাবন্ধা , ৰহা, কামপুৰ চামগুৰি, পুৰণিগুদাম আদিতো বন্ধৰ সমৰ্থকসকলে পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷

নগাঁও চহৰৰ হয়বৰগাঁও সৰু বজাৰত আজি ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিবলৈ আহবান জনাবলৈ যোৱা লুইত বৰা নামৰ এজন আন্দোলন সমৰ্থকক কেইজনমান অনা অসমীয়া ব্যৱসায়ীয়ে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ।

আনকি ব্যৱসায়ী কেইজনে ধৰ ধৰ মাৰ , অসমীয়াক মাৰ – আদি গালি পাৰি যুৱক জনৰ ডিঙিত ৰচীৰে মেৰিয়াই ধৰে ।

এই সম্পৰ্কত যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও জাতীয় সংগঠনে হয়বৰগাঁও আৰক্ষী চকীত বিয়লি এজাহাৰ দাখিল কৰে ।
বন্ধৰ সমৰ্থকসকলে জিলাখনৰ জখলাবন্ধাত শিলঘাট গুৱাহাটী-ৰে’লগাড়ী চলাচলত বাধা প্ৰদান কৰি ৰে’লপথ অৱৰোধ কৰে৷

কামপুৰত বন্ধৰ সমৰ্থকসকলে ৰে’লৰ চিৰিৰ মাজত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷

জ্বলি থকা জুইৰ ওপৰেদি এখন মালবাহী ৰে'”ল পাৰ হৈ যায়৷ বন্ধৰ সময়ত জিলা উপায়ুক্ত কাৰ্যালয়কে ধৰি বিভিন্ন চৰকাৰী কাৰ্যালয় খোলা আছিল যদিও উপস্থিতিৰ হাৰ সেৰেঙা আছিল৷

আনহা, বেংককে ধৰি সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানসমূহ বন্ধ আছিল৷

বন্ধ সময়ত জিলাখনৰ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এলেকাসমূহতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক আছিল৷

বন্ধ সময়ত নগাঁও চহৰত পাঁছজন, কামপুৰত চাৰিজন, কলিয়াবৰত পঞ্চাশজনৰো অধিক বন্ধৰ সমৰ্থকক আটক কৰে যদিও পিছত তেওঁলোকক মুকলি কৰি দিয়ে আৰক্ষীয়ে৷

জখলাবন্ধা ৰে’ল ষ্টেচনত বন্ধৰ সমৰ্থকে ৰে’ল অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যদিও পাছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ পিছত আৰক্ষীৰ সহযোগত ৰে’লখন গুৱাহাটীলৈ যাত্ৰা কৰে৷

ইপিনে, মৈৰাবাৰী গুৱাহাটী-ৰে’লখনৰ চলাচল অব্যাহত থাকে৷ বন্ধৰ সময়ত জিলাখনৰ গড়াজান, জুৰীয়া, নগাঁও চহৰৰ হয়বৰগাঁৱৰ সৰু বজাৰকে ধৰি কে’বাঠাইতো বিক্ষিপ্ত ঘটনা সংঘটিত হয়৷ জিলাখনৰ ধিং, বটদ্ৰৱা, ৰহা, চাপৰমুখ, ফুলগুৰী, কামপুৰ, কঠিয়াতলী, ননৈ, জুৰীয়া, ৰূপহী, কলিয়াবৰ, চামগুৰি, পুৰণিগুদাম, পাঠৰী, দক্ষিণপাট, বেবেজীয়াকে ধৰি জিলাখনৰ সকলোস্থানতে বন্ধৰ প্ৰভাৱ সৰ্বাত্মক আছিল৷ 

Related posts

Leave a Comment