বিধায়ক প্ৰমোদ বৰঠাকুৰে স্থাপন কৰিলে ঘিলাধাৰী নদীৰ ওপৰত দলংৰ আধাৰশিলা

 

 

আজি পবিত্ৰ লক্ষ্মী পূৰ্ণিমা

আজিৰ এই পবিত্ৰ দিনটোতে শুভ কৰ্মৰ আৰম্ভণি কৰিলে বিশ্বনাথৰ
বিধায়ক প্ৰমোদ বৰঠাকুৰে।

সংবাদ মাধ্যমত ধাৰাবাহিক ভাবে প্ৰকাশ পাইছিল কুৰুআটি প্ৰাথমিক বিদ্যালয় লৈ
কণ কণ ছাত্ৰ-ছাত্ৰীয়ে ঘিলাধাৰী নদীৰ ওপৰদি টৌ গামলা লৈ বিপদশংকুল ভাবে ঘিলাধাৰী নৈ পাৰ হৈ বিদ্যালয়লৈ অহা যোৱাৰ দৃশ্য সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল ।
সেই প্ৰকাশিত বাতৰি সন্দৰ্ভত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে সংবাদ মাধ্যমৰ আগত পলাশনি আৰু কুৰুআটিৰ মাজত এখন দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

তাৰ ওপৰিও
ইতিমধ্যে সদ্যসমাপ্ত বিধানসভা অধিবেশনত উপস্থিত থকা বিধায়ক প্ৰমোদ বৰঠাকুৰে মুখ্য মন্ত্ৰীৰ নিৰ্দেশ অনুসৰি কুৰুআতি লৈ আহি বিশ্বনাথ জিলা উপায়ুক্ত সহ জিলা প্ৰশাসনৰ বিষয় ববীয়াসকলক লগত লৈ দলং নিৰ্মাণৰ স্থান প্ৰদৰ্শন কৰিছিল।

ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়ে কুৰুআটি আৰু পলশনিৰ মাজত নিৰ্মাণ হ’বলগীয়া দলংখনৰ বুধবাৰে আধাৰশিলা স্থাপন কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ প্ৰমোদ বৰঠাকুৰে।

আধাৰশিলা সময়ত উপস্থিত থাকে বিশ্বনাথ জিলা উপায়ুক্ত ধীৰাজ জ্যোতি কৰিতা , গড়কাপ্টানী বিভাগৰ বিশ্বনাথৰ কায্যবাহী বিষয়া কে ধৰি কেইবাজনো বিষয়া উপস্থিত থাকে ।

প্ৰায় ৬০ লাখৰোও অধিক ধনৰে নিৰ্মাণ হ’ব লগা কাঠৰ দলং খন অহা একমাহৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলি প্ৰকাশ কৰে গড়কাপ্টানী বিভাগৰ কায্যবাহী বিষয়াই ।

শেহতীয়াকৈ টৌ গামলা এৰি বিশ্বনাথ জিলা প্ৰশাসনে যোগান ধৰা নাৱৰ জৰিয়তে যাতায়ত অব্যাহত ৰখা কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ এই দলং খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ লগে লগেই বিপদ শংকুল যাত্ৰাৰ অন্ত পৰিব।

লগতে এই দলং পাই বিদ্যালয় খনৰ ছাত্র ছাত্ৰী উৎফুল্লিত হৈ পৰে ।

Related posts

Leave a Comment