দেৰগাঁৱৰ যুৱক পংকজ প্ৰতিম দত্ত আলফাত যোগদান ।।। আলফাৰ গোপন শিবিৰৰ পৰা ভিডিঅ প্ৰেৰন ।।।

Sharing is caring!

দেৰগাঁৱৰ যুৱক পংকজ প্ৰতিম দত্ত আলফাত যোগদান ।।। আলফাৰ গোপন শিবিৰৰ পৰা ভিডিঅ প্ৰেৰন ।।।

দেৰগাঁৱৰ পৰা অৰূপ কুমাৰ ৰায় ৰিপৰ্ট ।।।

২৪ অক্টোৱৰ ———

দেৰগাঁও নগৰৰ ৯ নং ৱাৰ্ডৰ তৰুণ দত্তৰ পুত্ৰ পংকজ প্ৰতিম দত্তই আলফা (স্বাধীন) ত যোগদান কৰা কথা ভিডিঅ জৰিয়তে জানিবলৈ দিছে । যোৱা ৫ ছেপ্তেম্বেৰত গুৱাহাটীলৈ বুলি উলাই যোৱা পংকজৰ নিৰুদেশ সম্পৰ্কত পৰিয়ালৰ লোকে দেৰগাঁও থানাত এজেহাৰ দাখিল কৰিছিল । দেৰগাঁও আৰক্ষীয়ে ও কোনো শূং সুত্ৰ পোৱা নাছিল । পংকজ প্ৰতিম দত্ত সদৌ অসম ছাত্র সন্থাৰ অন্তৰ্গত দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি আছিল । আলফাৰ কোনো গোপন শিবিৰৰ পৰা পংকজে হাতত মাৰাত্মত লৈ আলফাত যোগ দানৰ কথা এই ভিডিঅ ৰ জৰিয়তে প্ৰকাশ কৰিছে । অসমৰ অস্তিত ৰক্ষাৰ বাবে স্বাধীন অসমৰ বিকল্প নাই বুলি উল্লেখ কৰিছে ভিডিঅ জৰিয়তে । ভিডিঅ জৰিয়তে পংকজে ছাত্ৰ সন্থাৰ ওচৰত ক্ষমা খুজিছে । অন্যহাতে পংকজৰ পিতৃ তৰুণ দত্তই কান্দি কান্দি এই পথ ত্যাগ কৰিবলৈ আহ্বান জনাইছে । পিতৃৰ এই আহ্বানক পংকজে কেনে দৰে লয় সেয়া হব লক্ষনিয় ।।।

Related posts

Leave a Comment