কুমাৰীকাটাৰ লতিবাৰীত উলহ মালহেৰে লক্ষ্মী পূজা উদ্ যাপন

Sharing is caring!

বাক্সা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে কুমাৰীকাটাৰ লতিবাৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত লতিবাৰী, পাকৰীবাৰী, শিংৰামাৰী, পানবাৰী, ইক্ৰাজুলী আৰু দৈমাবাৰীৰ ভক্তপ্ৰাণ ৰাইজে পঞ্চম বাৰ্ষিক লক্ষ্মী পূজা উলহ-মালহেৰে উদ্ যাপন কৰে।

তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈ প্ৰথম দিনা ৰাতিপুৱা ৮ বজাত লাট গাওবুঢ়া ভাষ্কৰ দৈমাৰী আৰু প্ৰসন্ন কুমাৰ বড়োৱে বৃক্ষ ৰোপন কৰে। লতিবাৰী কৃষক সমবায় সমিতিৰ সভাপতি কৰ্ণ নাৰ্জাৰীয়ে ধৰ্মধ্বজা উত্তোলন, বিয়লি ৪ বজাত সমাজকৰ্মী হৰেন বসুমতাৰীয়ে মুখ্যদ্বাৰ উন্মোচন, ৫.৩০ বজাত টিকাৰাম ছেত্ৰীয়ে বন্তি প্ৰজ্বলন কৰে ।

সন্ধিয়া ৬ বজাৰ লগে লগে লক্ষ্মী দেৱীৰ মূৰ্তি স্থাপন কৰি লতিবাৰী নৱজ্যোতি মহিলা কীৰ্ত্তন দল আৰু পাকৰীবাৰী বড়ো আৰজ দলে ভজন কীৰ্ত্তন কৰে। উক্ত লক্ষ্মী পূজা উদ্ যাপনৰ সভাপতি নিজম দৈমাৰী আৰু সাধাৰণ সম্পাদক ৰঞ্জিত বসুমতাৰীৰ নেতৃত্বত ভজন কীৰ্ত্তনৰ লগতে একক নৃত্য প্ৰতিযোগিতাৰো আয়োজন কৰা হয় বুলি জানিবলৈ দিয়ে।

উক্ত অনুষ্ঠান উপভোগ কৰিবলৈ লতিবাৰী, পাকৰীবাৰী, শিংৰামাৰী, পানবাৰী, ইক্ৰাজুলী আৰু দৈমাবাৰীৰ প্ৰায় তিনি শতাধিক লোক উপস্থিত থাকে।

Related posts

One Thought to “কুমাৰীকাটাৰ লতিবাৰীত উলহ মালহেৰে লক্ষ্মী পূজা উদ্ যাপন”

Leave a Comment