ন-বোৱাৰী পম্পীৰ হত্যা কাণ্ডই জোকাৰিছে সমগ্ৰ জামুগুৰি

Sharing is caring!

জোন বৰা , জামুগুৰিহাট

স্থানীয় মহিলা সংগঠনৰ প্ৰতিবাদী সমদল  অভিযুক্তৰ পৰিয়ালক ৰাজ অাতিথ্য অাৰক্ষীৰ

সম্প্ৰতি নাৰী নিৰ্য্যাতনৰ ঘাটি হৈ পৰিছে সমগ্ৰ ৰাজ্য ।

ৰাজ্যখনত নিতৌ সংঘটিত হৈ আছে নাৰী জনীত বহু ঘটনা পৰিঘটনা । শেহতীয়া ভাৱে জামুগুৰিহাটৰ নিকটৱৰ্ত্তী শলগুৰি গাঁৱত সংঘটিত হৈছিল বোৱাৰী হত্যাৰ দৰে এক জঘন্য ঘটনা ।

এই ঘটনাক কেন্দ্ৰ কৰি যোৱা এক সপ্তাহ ধৰি উত্তাল হৈ আছে সমগ্ৰ জামুগুৰিহাট ।

অঞ্চলটোৰ পদ্মশ্ৰী ঁচন্দ্ৰপ্ৰভা শইকীয়া সোৱৰণী মহিলা সমিতিৰ উদ্যোগত কেইবাটাও মহিলা সংগঠনে নাৰী নিৰ্য্যাতনৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ অসমৰ্থ হোৱা তথা অভিযুক্তক ৰাজ অাতিথ্য দিয়াৰ অভিযোগ তুলি অাজি অাৰক্ষীৰ বিৰুদ্ধে তীব্ৰ বিষাদগাৰ প্ৰকাশ কৰে স্থানীয় কেবাটাও মহিলাসংগঠনে। জামুগুৰিহাট অাৰক্ষীচকীৰ অন্তৰ্গত শলগুৰি গাঁৱত যোৱা ১৮ অক্তোবৰ তাৰিখে ৰাতিপুৱা ৭মান বজাত সংঘটিত হৈছিল এগৰাকী ন-বোৱাৰীৰ হত্যাৰ দৰে জঘন্য ঘটনা ।

এই ঘটনাত জড়িত থকাৰ অভিযোগত স্বামী বিজিত শইকীয়াক অাৰক্ষীয়ে অাটক কৰিলে যদিও অন্যান্য অভিযুক্তক অদ্যপি অাৰক্ষীয়ে অাটক নকৰাত অাজি স্থানীয় মহিলা সংগঠনে শলগুৰিৰ পৰা জামুগুৰি অাৰক্ষী থানালৈ এক প্ৰতিবাদী সমদল উলিয়াই নাৰী নিৰ্য্যাতন বন্ধ কৰক, হত্যাকাৰী বিজিত শইকীয়াক ফাঁচি দিয়ক,পম্পীহত্যাৰ বিচাৰ লাগে , বোৱাৰী হত্যা বন্ধ কৰক , বিজিতৰ পিতৃ মাতৃক গ্ৰেপ্তাৰ কৰক অাদি শ্ল’গানেৰে জামুগুৰিহাটৰ অাকাশ বতাহ কপাই তোলে ।

সমদলৰ অন্তত মহিলা সংগঠনে অাৰক্ষীৰ কটকটীয়া বেহুলৈ কেৰেপ নকৰি জামুগুৰি থানা চৌহদত প্ৰবেশ কৰি হত্যাকাণ্ডৰ বলি পম্পী ৰাজখোৱা শইকীয়াৰ উচিত ন্যায় বিচাৰি অাৰু অভিযুক্তৰ পৰিয়ালৰ উচিত শাস্তি বিচাৰি থানা চৌহদ উতপ্ত কৰি তোলে ।

স্থানীয় মহিলা সংগ্ৰঠনৰ অভিযোগ মতে পম্পী ৰাজখোৱাৰ স্বামীৰ পৰিয়াল বৰ্গই অতি নিৰ্মম ভাৱে পম্পীক হত্যা কৰি অাত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল ।

অাৰু এই হত্যাকাণ্ডত অভিযুক্ত স্বামী বিজিত শইকীয়াক অাটক কৰিয়েই জামুগুৰি অাৰক্ষীয়ে দায় সাৰিবলৈ চেষ্টা কৰাৰ লগতে অন্যান্য অভিযুক্ত পম্পীৰ শাহু – শহুৰ অাৰু নন্দেকক ৰাজ অাতিথ্যৰে অাৰক্ষীয়ে বিলাসী গাড়ীত বহুৱাই থানাত অানি গোপনে সোধা পোছা কৰাৰ অন্তৰালত ৰহস্যৰ গোন্ধ পাইছে মহিলা সংগঠনে ।

সেইবাবে পম্পীৰ হত্যাকাণ্ডৰ উচিত ন্যায় আৰু বাকী অভিযুক্তক অতিশীৰ্ঘ্ৰে অাটক কৰাৰ দাবীৰে অাজি উচ্চ অাৰক্ষীৰ বিষয়াৰ উপস্থিতিত জামুগুৰি অাৰক্ষীক মহিলা সংগঠনে জবাব দেহী কৰি তোলে ।

 

Related posts

Leave a Comment