ঠিকাদাৰক সকীয়নি মন্ত্ৰী ৰণজিৎ দত্ত

Sharing is caring!

 

শুকুৰবাৰে বিশ্বনাথ জিলা অধিনৰ ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত পৃথক পৃথক কৈ মন্ত্ৰী ৰণজিৎ দত্তই ৬ স্থানত আধাৰশিলা স্থাপন কৰি কয় ঠিকাদাৰ সকলক ।

বিভাগীয় নীতি নিৰ্দেশনা মতে হ’ব লাগিব কাম ৰাইজতকৈ ,ঠিকাদাৰ ডাঙৰ নহয় ,নিম্নমানৰ কাম কৰিলে ঠিকাদাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব , প্ৰথম আহ্বানহে ,
চৰকাৰৰ ধন কোনো অব্যৱহাৰ হ’ব নোৱাৰিব কোনো কাৰণত নিম্নমাণৰ কাম কৰিব নোৱাৰিব ঠিকাদাৰে নহ’লে তাৰ শাস্তি ভুগিব লাগিব ঠিকাদাৰে শুক্ৰ বাৰে
বিহালীৰ নীলবাৰী তথা বৰগাং নদীৰ দাঁতি-কাষৰীয়া অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই মন্ত্ৰী দত্তই আলতোষ মুণ্ডাৰ ঘৰৰ সমীপত বক্স টাইপ কালভাৰ্ট নিৰ্মাণৰ বাবে চতুৰ্থ বিত্তীয় আয়োগৰ অধীনত ৫ লাখ ২০ হাজাৰ আৰু বৰগাং নদীৰ গড়াখহনীয়া ৰোধৰ বাবে জিঅ’ বেগ নিৰ্মাণ কৰিবলৈ ২ কোটি ৩৫ লক্ষ টকাৰ ব্যয় সাপেক্ষে আঁচনি খনৰ কাম নদীত ধাৰ্য্য কৰা ঠাইৰ পৰা ৭৫০ মিটাৰলৈ প্ৰতিৰোধৰ বাবে আধাৰশিলা স্থাপন অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰাজহুৱা সভাখন বক্তব্যত প্ৰকাশ কৰে এই দৰে ।


সভা খনত উপস্থিত থাকে বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতা, কাৰ্যবাহী অভিযন্তা প্ৰবীণ ভূঞা, সহকাৰী কাৰ্যবাহী অভিযন্তা লোচন চন্দ্ৰ চৌধুৰী, সহকাৰী অভিযন্তা পবিত্ৰ বৰা, কনিষ্ঠ অভিযন্তা গৌতম নাথে ।
বিহালী মণ্ডল বিজেপিৰ সভাপতি উৎপল বৰাই আঁত ধৰা সভাখনত ভাষণ প্ৰসংগত মন্ত্ৰী দত্তই কয়,বিজেপি চৰকাৰে দুৰ্নীতিক আশ্ৰয় নিদিয়ে আৰু এই কাম সমুহ কৰা ক্ষেত্ৰত ঠিকাদাৰ সকলে স্থানীয় ৰাইজৰ সহায় সহযোগিতা লোৱা দৰকাৰ আৰু সঠিক ৰূপত কাম সম্পাদন কৰিবলৈ হ’লে স্থানীয় ৰাইজ আৰু সংবাদসেৱী সকলে ও কামৰ নিৰীক্ষণ কৰিব লাগিব ঠিকাদাৰ সকলে সকলো লগত মুকলিকৈ আলোচনা কৰিব লাগিব তেতিয়া হে কামৰ সফল ৰূপত নিৰ্মান কৰিব পাৰিব বুলি ভাৱো ।

আনহাতে মন্ত্ৰী গৰাকীয়ে চেৰেলীয়া বাসীৰ সুবিধাৰ্থে ২ লক্ষ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগীয়া ৰঙ্গ মঞ্চৰ আধাৰশিলা স্থাপন কৰে ।
উল্লেখযোগ্য যে শুকুবাৰেই মন্ত্ৰী দত্তই বিহালী বুৰৈ নদীৰ লালপুখুৰী অঞ্চলবাসীয়ে সন্মুখীন হৈ অহা গড়াখহনীয়া সমস্যা প্ৰতিৰোধৰ বাবে ১.৪৪ কোটি টকা ব্যয় সাপেক্ষে নদীৰ পৰা ৪২৫ মিটাৰ পৰ্যন্ত জিঅ’বেগ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে, । শুকুৰবাৰে মন্ত্ৰী গৰাকী য়ে
পুৰণি ৰৌমাৰী তথা বুৰৈগুৰীত ৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ৰঙ্গমঞ্চৰ, মাঘে ৰৌমাৰীত ২ লাখ টকাৰে নিৰ্মাণ হ’ব লগীয়া ৰঙ্গমঞ্চৰ আধাৰশিলা মন্ত্ৰী স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে ।

Related posts

Leave a Comment