NEWS@24

■ জনপ্ৰিয় কণ্ঠশিল্পী ছানলৈ দলিওৱা নাছিল শিলগুটি। অসমীয়া গীতৰ অনুৰোধেৰে দলিয়াইছিল কাগজৰ টুকুৰাহে। আৰক্ষীয়ে নিশ্চিত কৰিলে এই কথা। বাংলা গীত গোৱাৰ বাবে শিল দলিওৱা বুলি অভিযোগ উঠিছিল। ফেচবুকৰ জৰিয়তে হৈছিল এই অপপ্ৰচাৰ।

■ বেলতলাৰ ৱায়াৰলেছত নাৰী নিৰ্যাতনৰ ঘটনা। দেওবাৰে সন্ধিয়া গুৱাহাটী হাইক’ৰ্টৰ মহিলা অধিবক্তাক নিৰ্যাতন শ্ৰমিকৰ। সন্ধ্যা ভ্ৰমণৰ বাবে গৈছিল মহিলা অধিবক্তাগৰাকী। মহিলাগৰাকীক পথৰ পৰা টানি নিয়াৰ অপচেষ্টা পথ নিৰ্মাণত নিয়োজিত শ্ৰমিকৰ। মহিলাগৰাকীয়ে চিঞৰাত ৰাইজে উদ্ধাৰ কৰিলে। লম্পট শ্ৰমিকক কৰায়ত্ত কৰি গতালে আৰক্ষীক। সম্প্ৰতি হাতীগাঁও থানাত লম্পট ছাইফুল ইছলাম।

■ আজি যোৰহাটলৈ আহিব কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জীতেন্দ্ৰ সিং। যোৰহাটৰ নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন’লজি চমুকৈ NEISTৰ এলানি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। NEISTত STINER-TFC ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে একাংশ গৱেষণা প্ৰকল্প পৰ্যবেক্ষণ কৰিব ডনাৰ মন্ত্ৰীগৰাকীয়ে।

■ চন্দ্ৰপুৰৰ হাজোংবৰীত স্কুটী চালক নিহত। অচিনাক্ত বাহনে মহটিয়ালে লোকজনক। হাস্পতাললৈ অনাৰ পথতে লোকজনৰ মৃত্যু। জানিব পৰা নাই মৃত লোকজনৰ পৰিচয়।

■ চামগুৰিত নিশা বন্যহস্তীৰ উপদ্ৰৱ। বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰিলে এটা বাসগৃহ। কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ।

■ কাজিৰঙাৰ পৰা ওলাই অহা দুটা গঁড়ৰ মুক্ত বিচৰণ লখিমপুৰ নাৰায়ণপুৰৰ চৌদ্ধপুণীয়াত। মাজুলীৰ পিছত পুৱা স্থানীয় লোকে ৰাজপথৰ কাষৰ পুখুৰীত প্ৰত্যক্ষ কৰে গড়। গড়ৰ মুক্ত বিচৰণক শংকিত হৈ পৰিছে স্থানীয় লোক। তিনিদিন ধৰি কাজিৰঙালৈ গড় ওভতাই পঠোৱাত ব্যৰ্থ হৈছে বন বিভাগৰ লোক।

donate button
Please choose the donation payment system

Related posts

Leave a Comment