আই_মোক_লৈ_যা

আই_মোক_লৈ_যা

————————————-

                 (১)

বিশাল জনতাৰ কোলাহল মেলাত 

সকলোচোন নিজতেই ব্যস্ত

মানৱতাৰ অস্তিত্ব নোহোৱা

ইয়াত অকনি সুখৰ বাবে টনা-আজোঁৰা,

একেটি বস্তুৰ বাবে শতজনৰ খোৱা-কামোৰা,

আপোনজনে আপোনজনৰ ওপৰত দমন,হত্যা আৰু হিংসা।

কুকুৰৰ কাণ্ড লেখীয়া নাটক চাই

প্ৰাণ খুলি হাঁহিছে পৰৰ মানুহবোৰে

মাজে মাজে চেগ বুজি

বুটলি লৈছে নিজৰ ভাগৰখিনি।

উচ্চ-নীচৰ অসমানতাৰে ভৰা

কেনেকুৱা যে এই মেলা?

কোনোবাই এটুকুৰা ৰুটিৰ বাবে হাঁহাকাৰ কৰিছে যদিও 

কোনোবাই নিজৰখিনিয়েই খাই শেষ কৰিব পৰা নাই

কোনোবাই দামী কাপোৰৰ সাজেৰে বীৰৰ দৰে আহিছে যদি

কোনোবাই উলংগ হৈয়ে জাৰ-জহ সহিছে

আৰু…আৰু……….

কোনোবাই নিজৰ অট্টালিকাৰ ভিতৰত আৰামেৰে শুইছে যদি

কোনোবাই ৰাজপথৰ ফুথপাথেই ঘৰ পাতি লৈছে।

                    (২)

ময়ো আজি ব্যৰ্থ দেখোন 

অস্তিত্বৰ আঁত বিচাৰি

দুহাত মেলিলেও নাপাওঁ

কাৰোৰে সহাঁৰি  

কাতৰ চিঞৰবোৰে স্পৰ্শ নকৰে কাৰো মন

দেখা পাওঁ সিহঁতৰ উপেক্ষাৰ লক্ষণ।

নুবুজো কাৰোৰে ভাষা নাজানো মনৰ কথা

ৰৈ আছো আশাৰে বুলি

আই তোৰলৈ মাথো অপেক্ষা।

ক’তেনো এৰি গ’লি মোক

এই মায়াৰ মেলাত?

উশাহেই ল’ব নোৱাৰো

অস্পৃশ্যতাৰ ধোঁৱাত।

ধিমিকি জ্বলিছে মোৰ জীৱন চাকি

নুমালে নোৱাৰো যাব আন্ধাৰ ফালি।

আই মোক লৈ যা এই মায়াৰ পৰা 

তোৰ দৰে আকাশত জিলিকিম 

হৈ এটি উজ্জ্বল তৰা।

       

                             বিশ্ব নাথ

 

Related posts

2 Thoughts to “আই_মোক_লৈ_যা

  1. Bani Barthakur

    ‘আই মোক লৈ যা’ বৰ্তমান মানব সমাজক লৈ ৰচা এক সাৰ্থক কবিতা ।

Leave a Comment