অভিনয়েৰে জগত জিনাৰ সপোন যুৱ অভিনেতা পংকজ কুমাৰ শৰণীয়াৰ

সাম্প্ৰতিক সময়ত অসমৰ সাজপাৰেই হওঁক বা অসমীয়া আ-অলংকাৰেই হওঁক , এতিয়া বিশ্ব দৰবাৰত জিলিকি উঠিবলৈ সক্ষম হৈছে । ঠিক এনে সময়তে অসমৰ ফেশ্বনেও বৰ্তমান বিশ্ব দৰবাৰত এক ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ।

donate button
Please choose the donation payment system

এই সকলোবোৰকে অনুসৰণ কৰি এতিয়া অসমৰ বহু প্ৰতিভাই বিনোদনৰ জগতখনলৈ ঢাপলি মেলিছে। এনে এজন উদ্যমী প্ৰতিভাসম্পন্ন সহজ-সৰল, বন্ধুত্বপূৰ্ণ যুৱক পংকজ কুমাৰ শৰণীয়া। ১৯৯২ চনত জন্মলাভ কৰা গুৱাহাটীৰ বামুনিমৈদানৰ পংকজ কুমাৰ শৰণীয়াই ইতিমধ্যে নাটক-চুটি ছবি আৰু জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । সকলো সময়তে আনক সহায় কৰি ভালপোৱা যুৱ প্ৰতিভা পঙ্কজে অভিনয় শিক্ষা আনুষ্ঠানিকভাৱে কৰিছে ৰঙিয়া মহিন্দ্ৰী ড্ৰামা বিদ্যালয়ত। বিদ্যাতনিক শিক্ষা হিচাপে পংকজ কুমাৰ শৰণীয়া চিভিল ইঞ্জিনীয়াৰ আৰু সাংবাদিকতা শিক্ষাৰ লগতে স্নাতক ।

donate button
Please choose the donation payment system

পঙ্কজে আজৰি সময়ত ছবি অঁকা,গান শুনা, ভ্ৰমণ কৰা,অভিনয়, মডেলিং ইত্যাদি বিষয়বোৰ অতিকে প্রিয়। তদুপৰি তেওঁ বৰ্তমান সময়লৈকে বহুকেইখন ছবিত অভিনয় কৰি দৰ্শকৰ মন মুহিবলৈও সক্ষম হৈছে। তেওঁ অভিনীত কেইখনমান ছবি হৈছে, প্ৰভাতী পখীৰ গান, চহৰৰ ছোৱালীবোৰ(চুটি ছবি), ক্ৰাইম অপৰাধ(চুটি ছবি)।

ইয়াৰোপৰি জনপ্ৰিয় ধাৰাবাহিক – অৰ্ধাঙ্গিনীতো অভিনয় কৰিছে এইগৰাকী যুৱ প্ৰতিভাই। বড়ো ভাষাৰ ছবি ‘অন্য অনাই মুনো নাগীৰো’ নামৰ ছবিৰ লগতে এখন বিশেষ তথ্য চিত্ৰ ‘দ্যা ট্ৰিপ’ত অনবদ্য ভূমিকা গ্ৰহণ কৰিছে। এখন পূৰ্ণ দীৰ্ঘ ছবি ‘তোৰ মোৰ ফকতিয়া লাভ ষ্টৰী’ আৰু মণি সিংহৰ ‘দম দমা দম’ত গুৰুত্বপূৰ্ণ অভিনয় সুযোগ গ্ৰহণ কৰিছে।

donate button
Please choose the donation payment system

এতিয়া এইগৰাকী যুৱ প্ৰতিভাৰ আশা-সপোন ভৱিষ্যতৰ সময়বোৰত অসমৰ অভিনয়ৰ ক্ষেত্ৰখনৰ এক সুকীয়া স্থান দিয়াৰ লগতে নিজকে এজন সফল অভিনেতা হোৱাৰ । আমি অসম খবৰ পৰিয়ালৰ ফালৰ পৰাও অফুৰন্ত মৰম শুভকামনা জনালোঁ। পংকজ কুমাৰ শৰণীয়াৰ সপোন বাস্তৱায়িত হওক, লগতে হওক এজন সফল অভিনেতা।

donate button
Please choose the donation payment system

Related posts

Leave a Comment