গৰ্বেৰে আমি দৰঙীয়ান

“গৰ্বেৰে আমি দৰঙীয়ান”

✍জিন্টু ভুঞা

7002134518 

 

হাজাৰ সপোনে  যত বিছৰণ কৰে,

বহুৰঙী বতাহে বা বিলায়,

এটা আশা যেন,

ইয়াৰ নাম দৰং মহাবিদ্যালয় ।

আগফালে থকা সেই ফুচকা দোকান খনৰ পৰা

পাছফালে ৰৈ থক টমটম কেইখনলৈকে

সকলোবোৰ যেন অচিন যদিও চিনাকি,

এটা হাহি নজনাকৈই ভাহি আহে,

যেতিয়া প্ৰেমত পৰা যায়

সেই প্ৰেমৰ নাম যেন দৰং মহাবিদ্যালয়,।

জ্ঞানৰ বাটেৰে , 

আন্ধাৰ আতৰাই 

পোহৰ বিলোৱা ,

সপোন বোৰ পুৰাবলৈ বাট দেখুওৱা 

নামত যাৰ আছে

শক্তি, 

তাৰ নাম দৰং মহাবিদয়ালয়।

 

সকলোৰে চিনাকী আমি দৰঙীয়ান,

আমি বন্ধু আমি ভাই 

নানা ৰঙৰ , 

তথাপিতো ঐক্য য’ত খোজে খোজে,

প্ৰগতিৰ বাটেৰে,

সপোন জিনাৰ জখলা

যাৰ নাম দৰং মহাবিদ্যালয় ।

সেই হাহি বোৰ,

সেই শ্লেপ বোৰ 

বকুক জোপাৰ ছা,

আৰু আমাৰ আড্ডা বোৰ,

সেই ষ্মৃতি বোৰ

যত আছো তুমি মই আমি ,

গৰ্বেৰ থাকিব পাৰিছো,

হাজাৰ সদস্যৰে এটা পৰিয়াল পাইছো,

তাৰ নাম দৰং মহাবিদ্যালয় ।

 

যাৰ গুনৰ শেষ নাই,

যাৰ প্ৰগতিৰ চিৰদিনৰ,

যি সপোন বিলাই

হাহিব শিকাই,

সেইয়া দৰং মহাবিদ্যালয়।

 

একত্ৰিত আমি,

জয়ী হম আমি,

প্ৰগতিৰ বাটেৰে পোহাৰই যাম আমি, 

আমি দৰঙীয়ান,

গৰ্বেৰে আমি দৰঙীয়ান

Related posts

Leave a Comment