এক হিদয় বিদাৰক ঘটনা

Sharing is caring!

 

মাতৃৰ মৃত্যুৰ বেদনা বুকুত লৈ উকা সাজত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ মূল্যায়ণৰ পৰীক্ষাত বহিল কনমানি ছাত্ৰ দ্বীপ

দ্বিতীয় বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুনোৎসৱ চলি থকাৰ সময়তে বিশ্বনাথ জিলা হেলেম ৰাজহ চক্ৰৰ জালুকবাৰী পঞ্চায়তৰ অৰ্ন্তগত ব্ৰহ্মাজান দানী গাঁও প্ৰাথমিক বিদ্যালয়ত আজি দেখা গ’ল এজন ছাত্ৰৰ এক কৰুণ দৃশ্য।

দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ প্ৰথম দিনা কাৰ্যসূচী হিচাপে বিশ্বনাথৰ
ব্ৰহ্মাজান দানীগাওঁ প্ৰাথমিক বিদ্যালয়ত বিদ্যালয় পৰিচালনা সমিতি সভাপতি ,সদস্য/সদস্যা,মাতৃগোটৰ সদস্যা আৰু ৰাইজৰ সহযোগত সুন্দৰ ভাৱে সম্পন্ন হয় ছাত্র- ছাত্ৰী সকলৰ স্বমূল্যায়ন পৰীক্ষা।

উল্লেখ যোগ্য কথাটো হ’ল যে উক্ত প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ কনমানি ছাত্ৰ ধনঞ্জয় দাসৰ পুত্ৰ দ্বীপ দাসে নিজৰ মাতৃৰ বিয়োগ হোৱা স্বতেও সৰ্ম্পূণ উকা সাজ পৰিধান কৰি বহিল বিদ্যালয়ৰ স্বমূল্যায়ন পৰীক্ষাত।

নিজ মাতৃৰ আকস্মিক মৃত্যুত ভাগি পৰা কনমানি দ্বীপে কিন্তু নিজৰ দায়িত্ব আৰু কৰ্তব্যক অগ্ৰাধিকাৰ দি বহিল পৰীক্ষাত।

নিজ ককাকৰ সৈতে ধূতি চেলেং ব্যৱহাৰ কৰি পৰীক্ষা গৃহত বহি নিজৰ কৰ্মৰ প্ৰতি থকা স্পৃহা জাগ্ৰত কৰিলে কনমানি দ্বীপে।নিচেই কম বয়সতে নিজ মাতৃক হেৰুৱাব লগা হোৱা খবৰটোৱে এতিয়া দানী গাঁৱ প্ৰাথমিক বিদ্যালয়ৰ সমূহ পৰিয়াল লগতে অঞ্চল বাসীয়ে দুখ প্ৰকাশ কৰাৰ লগতে মৃতকৰ আত্মাৰ সদগতি কামনা কৰে।লগতে সৰ্ম্পূণ নীতি নিয়মৰ মাজেৰে ব্ৰত পালন কৰি থকা কনমানি দ্বীপে পৰীক্ষা দিবলৈ অহা কাৰ্যক সকলোৱে একেমুখে প্ৰশংসা কৰিছে !লগতে কম বয়সতে মাতৃহাৰা হোৱা কনমানিটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে সমগ্ৰ গহপুৰ বাসীয়ে।

Related posts

Leave a Comment