গোলকগঞ্জ বজাৰৰ হাক্কানী খানকাহ মছজিদ আৰু পূৰনি দুৰ্গা মন্দিৰঃ

Sharing is caring!

গোলকগঞ্জ বজাৰৰ হাক্কানী খানকাহ মছজিদ আৰু পূৰনি দুৰ্গা মন্দিৰঃ

গোলকগঞ্জ বজাৰৰ মাজ মজিয়াত অবস্থিত এই দুয়োখন ধৰ্মীয় প্ৰতিষ্ঠান। দুয়োখনৰ মাজৰ দূডঃঃ কেবল বেৰ এখন। পূৰনি দুৰ্গা মন্দিৰৰ মাটি দান কৰে গোলকগঞ্জৰ জমিদাৰ প্ৰধানী পৰিয়ালে।
এই দুয়োখন ধৰ্মীয় প্ৰতিষ্ঠানৰ গাতেই লাগি আছে 40 টা পৰিয়ালৰ সৰু এখন মুছলমান গাঁও। প্ৰধানী পৰিয়ালৰ অতিকৈ ঘনিষ্ঠ এই পৰিয়াল সমূহ। এই গাঁওৰে এজন ব্যক্তি দুৰ্গা মন্দিৰৰ সদস্য।
এই গাঁও খনত বঙাইগাঁও জিলাৰ চলন্ত পাৰাৰ পৰা এজন শিক্ষক আহি আধা বিঘা মাটি কিনিলৈ ঘৰ বনায়। শিক্ষকজন যথেষ্ট ধাৰ্মিক আছিল। সকলোৱে তেখেতক সেখ হুজুৰ বুলি মাতিছিল। তেখেত গোলকগঞ্জ বজাৰ জামে মছজিদত ইমামতি কৰিছিল।। তেখেত অবিবাহিত আছিল। তেখেতৰ বহুত মুৰিদ আছিল। হিন্দু মুছলমান সকলোৱে তেখেতক শ্ৰদ্ধা কৰিছিল। তেখেত মৃত্যুৰ আগতেই তেখতৰ ঘৰৰ লগত এখন হুজুৰি (নামাজ পৰা ঘৰ) নিৰ্মাণ কৰি গৈছিল। তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ আত্মীয় স্বজনে আহি মাটিখিনি নিজৰ নিয়ন্ত্ৰণত লৈ নিজৰ নামত কৰি লয়। কিন্তু সেখ হুজুৰে নিৰ্মাণ কৰি থৈ যোৱা হুজুৰি ঘৰক পকী কৰি দিব বুলি মানুহক কৈ এজন শিক্ষকক চোৱা চিতা কৰাৰ বাবে কৈ থৈ যায়। কালক্ৰমত সেই হুজুৰী মছজিদলৈ ৰূপান্তৰিত হয়। পিছত মছজিদ কমিটিয়ে সেখ হুজুৰৰ গোটেইখিনি মাটি মছজিদৰ নামত কিনি লব বিচাৰে। সেখ হুজুৰৰ আত্মীই মছজিদ কমিটিক আশ্বাস প্ৰদান কৰে যে যদি তেখেত সকলে মাটিখিনি বিক্ৰী কৰে তেন্তে সিহঁতে মছজিদ কমিটিক প্ৰথমতে অবগত কৰিব। কিন্তু জানিব পৰা মতে এতিয়া সেই মাটিখিনি চোৱা চিতা কৰা শিক্ষকজনে মাটিখিনিৰ লোভ সামৰিব নোৱাৰি চক্ৰান্ত আৰম্ভ কৰে আৰু মাটিখিনি 1 লাখ 70 হাজাৰ টকাত কিনি লয়। সেখ হুজুৰৰ আত্মীয় স্বজন আৰু চোৱা চিতা কৰা শিক্ষক জনে মছজিদ কমিটিৰ সৈতে বিশ্বাসঘাতগতা কৰাৰ বাবে গোলকগঞ্জ বজাৰৰ হিন্দু মুছলমান সকলোৱে জাঙুৰ খাই উঠিছে। মছজিদ কমিটিয়ে উচিত মূল্য প্ৰদান কৰি চক্ৰান্ত কৰি মাটিখিনি কিনি লোৱা শিক্ষক জনৰ পৰা মাটিখিনি মছজিদৰ নামত কিনি লব বিচাৰিছে। কিন্তু শিক্ষকজনে নিজৰ নামতেই ৰাখি ঘৰ বনাব বিচাৰিছে বুলি জানিব পৰা গৈছে।
এই ঘটনা শুনি হিন্দু মুছলমান সকলোৱে দুখ প্ৰকাশ কৰিছে আৰু সকলোৱে মাটিখিনি মছজিদৰ নামত হোৱাটো বিচাৰিছে। কাৰণ মাটিখিনিত সেখ হুজুৰৰ স্মৃতি জড়িত হৈ আছে আৰু মন্দিৰ মছজিদ একেলগে হোৱাত এই স্থানটোয়ে হিন্দু মুছলমানক ভাতৃত্বৰ এনাজৰিৰে বান্ধিছে।

Related posts