বিশ্বনাথৰ চতিয়াত এখন বিদ্যালয়ত আজৱ কাণ্ড

 

বিশ্বনাথৰ চতিয়াত এখন বিদ্যালয়ত আজৱ কাণ্ড

দুগৰাকী ছাত্ৰীৰ বিপৰীতে তিনিগৰাকী শিক্ষয়িত্ৰী

শনিবাৰে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ তৃতীয়টো দিন ।
বিশ্বনাথ জিলা
নদুৱাৰ শিক্ষা খণ্ড অন্তৰ্গত চতিয়াৰ জ্যোতি প্ৰাথমিক বিদ্যালয়ত দুগৰাকী ছাত্ৰীক লৈ শিক্ষা বিভাগে পাতিছে গুণোৎসৱ ।
ইফালে
দুগৰাকী ছাত্ৰীৰ বিপৰীতে বিদ্যালয় খনত আছে তিনিগৰাকী শিক্ষয়িত্ৰী ।

বিগত বৰ্ষত চাৰিগৰাকী ছাত্ৰ -ছাত্ৰীৰ বিপৰীতে চলিত বৰ্ষত ছাত্ৰ -ছাত্ৰীৰ সংখ্যা অৱনমিত হৈ হ’লগৈ দুজন ৷

গুণোৎসৱ যে এক ভেকোভাওনা যে কৰিছে তাৰ প্ৰমাণ এই বিদ্যালয় খনেই ।
কাৰণ বিগত বৰ্ষৰ গুণোৎসৱ বিদালায়খনত চাৰিজন ছাত্ৰ- ছাত্ৰীয়ে গুণোৎসৱ পতাৰ তথ্য চৰকাৰৰ হাতত আছিল আৰু সেই সময়ত শিক্ষকো আছিল চাৰি গৰাকী। তাৰ পিচত
এগৰাকীয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত শিক্ষকৰ সংখ্যা ও তিনি জনেই থাকিল ।
আৰু সেই শিক্ষক তিনিজন আৰু ছাত্ৰী দুজনে অনুষ্ঠিত কৰিলে গুণোৎসৱ । কিন্তু বিদ্যালয় তৰফৰ পৰা জানিব পৰা মতে বিদ্যালয় খনত তিনি জন শিক্ষকৰ বিপৰীত ৭ জন ছাত্ৰ- ছাত্ৰী আছিল যদিও গুণোৎসৱ অংশগ্ৰহণ নকৰিলে বিদ্যালয় খনৰ বাকী ৫ জন ছাত্র- ছাত্ৰীয়ে ।
কিন্তু ইমান দিনে গাই বাই শিক্ষা চৰকাৰৰ ধন খৰছ কৰি ও বাকী ৫ জন ছাত্র -ছাত্ৰী তিনিজনকৈ শিক্ষকে বিদ্যালয় খনত চলি থকা গুণোৎসৱত পৰীক্ষা লৈ আনিব নোৱাৰা কাৰ্যক শিক্ষক সকলক দল জিলা খনৰ দল সংগঠনে গৰিহণা দিছে ।

লক্ষ্যণীয় বিষয়টো হ’ল
বিগত বৰ্ষৰ গুণোৎসৱ ফল ফলাফল এইয়াই নেকি শিক্ষা বিভাগৰ ফলাফল ?
ইফালে বিদালয়খনৰ ফোঁপোলা স্বৰূপ প্ৰচাৰ হোৱাৰ ভয়ত বিদ্যালয় খনত সাংবাদিকক সকলক বাধা কৰে একাংশ দালাল তথা বিদ্যালয় খনৰ শিক্ষক সকলে ।
উল্লেখযোগ্য যে এতিয়া শিক্ষা কোন গতিত সচাকৈয়ে গুণোৎসৱ জড়িয়তে শিক্ষা ব্যৱস্থা উন্নত হৈছে নে।তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে একাংশ সচেতন মহলে ।

Related posts

Leave a Comment