ৰাজ্যত নতুনকৈ ঠন ধৰি উঠিবলৈ আৰম্ভ কৰা থলুৱা লোকৰ অৰ্থনৈতিক আন্দোলনটোক কোনোবাই কলিতে মোহাৰি পেলাবলৈ বিচাৰিছে নেকি?

মৃণাল হাজৰিকাই অস্ত্ৰ এৰি অৰ্থনৈতিক আন্দোলনত নতুন প্ৰজন্মক জড়িত কৰাবলৈ চেষ্টা চলাই আহিছে। সশস্ত্ৰ সংগ্ৰামী হৈ থকা সময়ত তেওঁক এবাৰো লগ পোৱা নাছিলোঁ যদিও যোৱা কিছু বছৰৰ পৰা হাজৰিকাই কৰ্ম-সংস্কৃতিৰ মাজেৰে অসমীয়া যুৱক-যুৱতীয়ে কিদৰে এখন আপোচহীন অৰ্থনৈতিক সংগ্ৰামত জড়িত হোৱা উচিত, সেই সন্দৰ্ভত কাম কৰি অহা দেখিছিলোঁ। অসমৰ বিভিন্ন ঠাইত “থলুৱা সম্পদেৰে থলুৱা অৰ্থনীতি ” শীৰ্ষক আলোচনা-চক্ৰ তথা কৰ্মশালাত তেখেতৰ সৈতে মই নিজেও উপস্থিত আছিলোঁ।
একেদৰে জিতেন দত্তইও কিছুদিনৰ পৰা অসমৰ ব্যবসায়-বাণিজ্যত থলুৱা যুৱক-যুৱতীৰ অংশগ্ৰহণৰ সপক্ষে হাতে-কামে লাগি পৰা দেখিছোঁ। কণী, মাছ, মাংস আদিৰ ব্যৱসায়ত অসমীয়া যুৱকক জড়িত কৰাই দত্ত সকলোৰে চকুত পৰিছিল।

ধলা হত্যাকাণ্ডৰ পিচত এই দুজন লোকক বাছি বাছি গ্ৰেপ্তাৰ কৰাৰ আঁৰত অসমবিৰোধী চক্ৰৰ কোনো গোপন অভিসন্ধি নাইতো?
ৰাজ্যত নতুনকৈ ঠন ধৰি উঠিবলৈ আৰম্ভ কৰা থলুৱা লোকৰ অৰ্থনৈতিক আন্দোলনটোক কোনোবাই কলিতে মোহাৰি পেলাবলৈ বিচাৰিছে নেকি?

এটা কথা লাহে লাহে বহু অসমীয়াই বুজি পাইছে। সেয়া হ’ল: অসম আৰু অসমীয়া বাচি থাকিবলৈ হ’লে অসমৰ ব্যৱসায়-বাণিজ্য অসমৰ থলুৱা মানুহৰ হাতলৈ আহিব লাগিব। ধৰ্ণা-আন্দোলন, বন্দুক-বাৰুদতকৈ অসমক এতিয়া এটা শক্তিশালী অৰ্থনৈতিক আন্দোলনৰ প্ৰয়োজন বেছি। অসমৰ যুৱ প্ৰজন্মই এই কথা আন্তৰিকতাৰে উপলব্ধি কৰি হাতে-কামে ওলাই আহিলে বহু বহিৰাগত ব্যৱসায়ীৰ বাবে সেয়া হৈ পৰিব প্ৰত্যাহ্বান।

Related posts

Leave a Comment