মন্ত্ৰী

মন্ত্ৰী

 

শুই আছিলো এদিনা ৰাতিপুৱা ,

সপোন দেখিলো মই মন্ত্ৰী হোৱা।

সপোন আছিল অহোমৰ ছিলেক্সনৰ,

সেয়ে কঢ়িলে মোৰ বহু টেইনচন।

 

গাঁৱলৈ যাম ভোট বিচাৰি ,

ৰাইজক কম হাত যোৰ কৰি।

সোনৰ অসম গঢ়িম মই ,

মোৰ জয়েই হব ৰাইজৰ জয়।

দুখীয়া ৰাইজক বিলাম ধন ,

ধন পাই ৰাইজৰো ঘূৰিব মন।

ৰাইজেও দিব মোকেই ভোট।

ময়েই লম বিজয়ৰ ভোট।

 

ভোটত জিকি মন্ত্ৰী হম।

ৰাইজক মই পাহৰি যাম,আৰু পাহৰিম মোৰ প্ৰতিশ্ৰুতি।

এনেদৰে কৰিম মই ৰাজনীতি।

দুৰ্নীতিৰে মই ঘটিম টকা,

দুখীয়া ৰাইজ লঘন থকা।

গুৱাহাটীত ,দিল্লীত বান্ধিম ঘৰ।

প্ৰতিবাদ যদি কৰে কোনোবাই 

হত্যা কৰিম সেইবকৰ গুণ্ডা লগাই।

ভাই ভাইৰ মাজত লগাম কন্দন।

চাবলৈ আহিব নেতা মন্ত্ৰী সকল।

 

এনেকৈযে ৰাইজক ৰাখিম ব্যস্ত , তেতিয়া নহব ধন ঘটাৰ কষ্ট।

দেশত যেতিয়া হব বানপানী,

টকা হব তেতিয়া আমদানি।

বানপানীত লোকক সাহাৰ্য্য দিম।

উনৈশ শতাংশ ময়েই ৰাখিম।

এনেকৈযে যাব পাঁচটা বছৰ।

পুনৰ আহিব ইলেক্সনৰ বতৰ,

এনেতে আইতাই দিলেই মাত।

সপোন পলাই মাৰিলে ফাট। 

 

                                      নাম -চৰিতা তামাং

                                      গাঁও- গোপীনাথ পূৰ।

                                              কুমাৰীকাটা।

Related posts

Leave a Comment