উচ্চ প্ৰাবল্যৰ শব্দবিশিষ্ট আতচবাজী ফুটোৱাত নিষেধাজ্ঞা

 

জিলাবাসীলৈ দীপাৱলীৰ শুভকামনা জিলা প্ৰশাসনৰ
● উচ্চ প্ৰাবল্যৰ শব্দবিশিষ্ট আতচবাজী ফুটোৱাত নিষেধাজ্ঞা

দীপাৱলীক পোহৰৰ উছৱৰূপেহে পালনৰ আহ্বান বিশ্বনাথৰ উপায়ুক্তৰ

বিশ্বনাথ জিলা প্ৰশাসনৰ হৈ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই সমূহ জিলাবাসীলৈ পোহৰৰ উছৱ দীপাৱলীৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছে। পোহৰৰ এই উছৱে আমাৰ জিলাখনৰ লগতে ৰাজ্যখনৰ প্ৰতিগৰাকী নাগৰিকৰ জীৱন পোহৰাই তুলিব বুলি এক শুভেচ্ছা বাৰ্তাযোগে উপায়ুক্তগৰাকীয়ে আশা প্ৰকাশ কৰে। আনহাতে, দীপাৱলীক মাথোঁ পোহৰৰ উছৱৰূপেহে উদযাপন কৰিবলৈ আহ্বান জনাই উপায়ুক্তগৰাকীয়ে উচ্চ প্ৰাবল্যৰ শব্দবিশিষ্ট আতচবাজী ফুটোৱাৰ পৰা বিৰত থাকিবলৈ জিলাবাসীলৈ আহ্বান জনায়। অধিকমাত্ৰাৰ আতচবাজীয়ে সৃষ্টি কৰা শব্দ আৰু বায়ু প্ৰদূষণৰ ভয়াবহতালৈ আঙুলিয়াই উপায়ুক্তগৰাকীয়ে এক পৰিৱেশ-অনুকূল সেউজ দীপাৱলী উদযাপনৰ প্ৰচেষ্টা হাতত ল’বলৈ ৰাইজলৈ আহ্বান জনায়। দীপাৱলীৰ নামত অত্যধিক মাত্ৰাত কলগছ কটাটোত উদ্বিগ্নতা প্ৰকাশ কৰি সম্ভৱস্থলত তাৰ বিকল্পৰ সন্ধান কৰিবলৈ তেওঁ জিলাবাসীলৈ গোহাৰি জনায়। উল্লেখযোগ্য যে মহামান্য উচ্চতম ন্যায়ালয়ে ইতিপূৰ্বেই আতচবাজীৰ বিক্ৰী আৰু ফুটোৱাৰ ওপৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল। উপায়ুক্ত তথা জিলা দণ্ডাধীশগৰাকীয়ে সকলোকে ন্যায়ালয়ৰ এই ৰায়ৰ প্ৰতি সন্মান জনাবলৈ আহ্বান জনায় আৰু এই নিৰ্দেশনা উলংঘাকাৰীসকলৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ তৰফৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও সকীয়াই দিয়ে।

Related posts

Leave a Comment