মানুহে মানুহৰ বাবে বিশ্বনাথৰ অৰুণাচল সীমান্তত তিনিসুতিত

প্ৰথম সাম্প্ৰদায়িক মন্তব্য দিছিল
শাসকীয় দলৰ বিধায়কে ।

অসমৰ অসমীয়াক অপমান কৰিছে বিধায়কে ।

এই মন্তব্য আছু উপদেষ্টা ভট্টাচাৰ্য্য

যোৱা ৫ নৱেম্বৰ পৰা আৰম্ভ হোৱা সমন্বয় অনুষ্ঠান টো মঙ্গল বাৰে অন্ত পৰে ।

বিশ্বনাথৰ অৰুণাচল সীমান্তত তিনিসুতিত সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত আয়োজন কৰা
এই সমন্বয় দিনটোতে অঞ্চলটোত
১০ টাকৈ জনগোষ্টীয় ভাষাত পৰিবেশিত হ’ল “মানুহে মানুহৰ বাবে” গীতটি ।

অৰুণাচল সীমান্তৰ তিনিসুতিত অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে ।
সদৌ অসম ছাত্ৰ সন্হাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য :
ভট্টাচাৰ্যক উযাপন সমিতি আৰু আছু কৰ্ম কৰ্তা সকলে গায়ণ বায়ণ আৰু
চাওতালি বাদ্য যন্ত্ৰ বজাই চাওতাল জনগোষ্টীয় লোকক জনালে আদৰণি । ইফালে দুদিয়াকৈ অনুষ্ঠিত হোৱা ভূপেন হাজৰিকা মৃত্যু বাৰ্ষিক দেখা গল মঙ্গল বাৰে
অৰুণাচল প্ৰদেশ সীমান্তত একেলগে ১০ হাজাৰ লোকৰ কণ্ঠৰে নিগৰিত হল মানুহে মানুহৰ বাবে গীতটি।
অসম অৰুণাচল প্ৰদেশ সীমান্তৰ বিশ্বনাথ জিলাৰ তিনিসুঁতিত
মঙ্গল বাৰে ৯; টা ভাষাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে যদিহে অকনো নেভাবে পৰিবেশন কৰা হয়।

অসম গৌৰৱ বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ সপ্তম সংখ্যক মৃত্যু দিৱসটি সমন্বয়ৰ দিন হিচাবে বিশ্বনাথ নগৰৰ পৰা ৩০ কিলোমিটাৰ উত্তৰে অৱস্হিত তিনিসুঁতিৰ নপমুৱা সমন্বয় ক্ষেত্ৰত উদযাপন কৰে সদৌ অসম ছাত্ৰ সন্হাৰ পাভৈ আঞ্চলিক ছাত্ৰ সন্হাই।

তিনিসুতিৰ বিভিন্ন জাতি জনগোষ্ঠী আৰু ছাত্ৰ সংগঠনৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানতে অসমীয়া, বড়ো, কাৰ্বি, আদিবাসী, নেপালী, উড়িয়া, মুণ্ডা, চাওতালী, গাৰো আৰু প্ৰজা ভাষাত সুধাকণ্ঠ গৰাকীৰ মানুহে মানুহৰ বাবে গীতটি ১০ হাজাৰ লোকে একেলগে পৰিবেশণ কৰিলে।

অনুষ্টানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰা সদৌ অসম ছাত্ৰ সন্হাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্য্যক চাওতাল জনগোষ্টীৰ বাদ্যযন্ত্ৰ বজোৱা দেখা পোৱা গল ৷ ভট্টাচাৰ্যই উপস্থিত হৈ সাংবাদিক সন্মুখত কলে তিনিসুতিত ৰাইজে প্ৰমাণ কৰিলে একতা ।আমি আগৰ পৰা এনেকৈ আছোঁ আগলৈও এনেকৈ আগুৱাই যাম । সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা জনক হাজাৰ হাজাৰ ৰাইজে আদৰি আনিলে সমন্বয়ৰ ক্ষেত্ৰতলৈ । সমন্বয়স্থলীত উপস্থিত হৈ প্ৰথমে সুধাকন্ঠৰ প্ৰতিছবিত মাল্যাপন আৰু বন্তী প্ৰজ্জলন কৰাৰ পিচত ২০১৪ চনত অৰুণাছল সীমান্তৰ সোনাজুলিত উগ্ৰপন্থীৰ আক্ৰমন নিহত হোৱা ৩০ জনকৈ লোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ আনহাতে জাতি জনগোষ্টীৰ থলুৱা বাদ্য যন্ত্ৰ, খাদ্য সম্ভাৰ, জীৱন শৈলীৰে উজলি উঠে সমন্বয়স্থলী ৷

৫ নৱেম্বৰৰ পৰা তিনিসুঁতিৰ নপমুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই সমন্বয়ৰ দিন উদযাপনৰ অন্তিম দিনা হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতত সামৰণি পৰে।

ইফালে আছু উপদেষ্টা গৰাকীয়ে বিশ্বনাথৰ তিনিসুতিত সমন্বয় ক্ষেত্ৰত সাংবাদিক সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰ কয়
অসমৰ তথা তিনিচুকীয়া ধলা ঘটনা বাবে জগৰীয়া সম্পূৰ্ণ চৰকাৰৰ আৰু শাসকীয় দলৰ একাংশ বিধায়ক কাৰণ সাম্প্ৰদায়িক সৃষ্টি মন্তব্য দিছিল প্ৰথম শাসকীয় দলৰ বিধায়ক সকলে প্ৰথম এই সাম্প্ৰদায়িক মন্তব্য আহিছিল ডিছপুৰ পৰা হে ।
আনহাতে আলফাৰ নেতা জিতেন দত্তৰ আৰু মৃনাল হাজৰিকা গ্ৰেপ্তাৰ কৰা প্ৰসংগত আছু উপদেষ্টা জনে কয় সাম্প্ৰদায়িক মন্তব্য একমাত্ৰ দুজন প্ৰাক্তন আলফা নেতাই দিয়া নাছিল ।
সাম্প্ৰদায়িক মন্তব্য দিছিল শাসকীয় দলৰ বিধায়ক শিলাদিত্যৰ ও কিন্তু তেওঁ লোককৰ ক্ষেত্ৰত আইন খন বেলেগ হ’ল আৰু এওঁৰ লোকক বেলেগ হ’ল ।
আৰু অসমত কোনো সাম্প্ৰদায়িক সৃষ্টি কৰিব বিচৰা কোনো ব্যক্তি আমি ৰেহাই নিদু আৰু কোনো কাৰণ হিন্দু বাংলাদেশীক অসমত আশ্ৰয় দিয়া নহ’ব বুলি হুংকাৰ দিয়ে আছু উপদেষ্টা গৰাকীয়ে ।

Related posts

Leave a Comment