আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যুৰ বাতৰি অপপ্ৰচাৰ

Sharing is caring!

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যুৰ বাতৰি প্ৰকাশ একাংশ সংবাদ মাধ্যমত। দুৰ্ঘটনাত পতিত হৈ পৰেশ বৰুৱাৰ মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ।

এই বাতৰিক লৈ সমগ্ৰ দেশত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। আলফা স্বাধীনৰ সূত্ৰ মতে, এয়া ভাৰতীয় চোৰাংচোৱাৰ অপপ্ৰচাৰ। সকলো ঠিকেই আছে বুলি দাবী আলফা স্বাধীনৰ সূত্ৰৰ।

একাংশ সংবাদ মাধ্যমৰ মতে, চীন-ম্যানমাৰ সীমান্তত হৈছিল পথ দুৰ্ঘটনা। দুৰ্ঘটনাত আহত হৈ পৰেশ বৰুৱাৰ মৃত্যু হোৱা বুলি দাবী। ইফালে, এই বাতৰিক বিশ্বাস নকৰো বুলি মন্তব্য কৰিছে আলফা নেতা অনুপ চেতিয়াই।

যোৱা সপ্তাহত পৰেশ বৰুৱাই ফোন কৰিছিল চেতিয়াক। এনে বাতৰি মাজে-সময়ে প্ৰকাশ পাই থাকে বুলিও ক’লে চেতিয়াই।‍

Related posts

Leave a Comment