অহাবাৰ যাম

অহাবাৰ যাম

(এজন জোৱানৰ কবিতা, এইবাৰো দেৱালী কাটাতাৰৰ কাষতে পাতিব লগীয়া হল, ঘৰ যাব নাপালে)

      ✍জিন্তু ভুঞা 

 

আই নাকান্দিবি তই,

এইবাৰো যাব নোৱাৰিম অ!

বহু দিনেই হল তোম মুখ খন দেখা নাই

কিন্তু কি কৰো ক!

এইয়া জানো আমাৰ দায়ত্ব নহয়,

মোৰ তাই জনী ভালে আছেনে?

তাইকো দেখা নাই

বহু দুখ লাগে,

কেতিয়াবা এনে লাগে যেন

চাকৰীটো এৰি গুছি যাম ঘৰলৈ একেবাৰে,

কিন্তু যদি দেশ খনেই সুৰক্ষিত নহয় 

তই তহত কেনেদৰে সুৰক্ষিত হবি!

প্ৰতিটো পুৱাতে মন যায় 

তাই হাতৰ চাহ খাবলৈ

আৰু তোৰ হাতৰ কচুৰ আঞ্জা খনলৈ বৰকে মনত পৰে,

তই চিন্তা নকৰিবি অহা বাৰ যাম নিশ্চয়,

তহত মোলৈ যেনেকুৱা 

তেনেদৰে টো প্ৰতিজনৰে পৰিয়াল আছে,

আমি যদি গুছি যাও সিহতক কোনে চাব?

অ! আমাৰ বাবাটোৰ ভাল নে?

তিনিবছৰে হব হল দেখা পোৱা নাই,

বৰ ডাঙৰ হল চাগৈ,

পাপা মা বুলিও মাতিব পৰা হল চাগৈ!

এইবাৰ বহাগৰ বিহুত গাওৰ ৰাইজে বিহু মাৰিছিলনে?

অ! এইবাৰ নামঘৰত উৎসৱ পাতিলে নাই?

মই গমেই পোৱা নাই নহয় এইবোৰ!

যাবও পৰা নাই বহু বাৰ,

অহা বাৰ যাম,

সৱতে যোগ দিম,

মোলৈ চাগৈ তহতৰ বৰকৈ মনত পৰে নহ!

কিন্তু কতব্য নহ এইয়া আমাৰ।

অহা বাৰ যাম,

তাইকো কবি বৰ বেছিকৈ মোৰ কথা ভাবি থাকিব নালাগে,

মোৰ একো নহয়

যেতিয়ালৈকে তোৰ আৰ্শীবাদ আৰু তাই ভালপোৱা মোৰ লগত আছে।

Related posts

Leave a Comment