স্বেচ্ছাসেৱী সংগঠন “সহায় ৰক্তদান

স্বেচ্ছাসেৱী সংগঠন “সহায় ৰক্তদান অসম”ৰ নগাঁও শাখাৰ সদস্য সকলৰ সহযোগত আজি নগাঁও চহৰৰ ৰাস্তাৰ কাষত, মন্দিৰ, মছজিদ আদিত সততে দেখাপোৱা নিঃকিন জন,মগনীয়া, বিকলাংগ সকলৰ মাজত গৰম কাপোৰ, কম্বল, আদি বিতৰণ কৰা হয়। উল্লেখযোগ্য যে “সহায় ৰক্তদান অসমৰ” সদস্য সকলে ৰক্তদানৰ উপৰিও এনে ধৰণৰ কায্যসূচী আগতেও হাতত লৈ আহিছে। দীপান্বিতা উপলক্ষে আজি সকলোৰে সহযোগত এই কাৰ্যসূচীও উৎসাহজনক ভাৱে সমাপন হয়। “সহায় ৰক্তদান অসম” এক স্বেচ্ছাসেৱী সংগঠন, ‘সামাজিক দায়বদ্ধতাৰ’ উদ্দেশ্য আগত লৈয়েই সংগঠনটোয়ে এইদৰে ৰাইজৰ সেৱাত ব্ৰতী হৈছে।

নগাঁৱৰ পৰা অনুপ জ্যোতি নাথৰ প্ৰতিবেদন।

Related posts

Leave a Comment