●জামুগুৰিহাটত পুৱতি নিশা পথ দূৰ্ঘটনা ● গুৰুতৰভাৱে আহত আছুৰ ৫ গৰাকীকৈ সদস্য

Sharing is caring!

জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত গুৱাহাটীৰ দিছপুৰ লাষ্টগেটত ২৮টা সংগঠণে গ্ৰহণ কৰা “সকীয়নি বিক্ষোভ” কাৰ্য্যসুচীত অংশগ্ৰহণ কৰি উভতি অহাৰ পথত জামুগুৰিহাটৰ গেৰেকীচুকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতিনিশা সংঘটিত হয় এক পথ দূৰ্ঘটনা।

দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ ৫ গৰাকীকৈ বিষয়ববীয়া৷নিজৰ গৃহভুমি বিশ্বনাথ চাৰিআলিলৈ AS12K 6291 নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীৰে উভতি অহাৰ পথতেই পুৱতি নিশা প্ৰায় ৩ বজাত বিপৰীত দিশত থকা AS27 C 2817 নম্বৰৰ এখন বলেৰ’ পিক আপ ভানত খুন্দা মৰাৰ ফলত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ভাষ্কৰ চামুৱা,সম্পাদক কৌস্তভমণি দাধৰা,উপ সভাপতি সুৰজ ভূঞা,সাংগঠণিক সম্পাদক গৌৰৱ বৰা আৰু সহকাৰী সাধাৰণ সম্পাদক লক্ষ্যজিৎ শইকীয়া গুৰুতৰভাৱে আহত হয়৷

আহত ছাত্ৰনেতাকেইগৰাকীক ততাতৈয়াকৈ স্থানীয় ৰাইজে জামুগুৰি আৰক্ষীৰ সহযোগত উত্তৰ জামুগুৰি চিকিৎসালয়লৈ লৈ যায় যদিও প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত হাত-ভৰি,ককাল আৰু মুখমণ্ডলত আঘাত গুৰুত্বৰ হোৱাত আটাইকেইগৰাকীকে উন্নত চিকিৎসাৰ বাবে চিকিৎসকে তেজপুৰলৈ প্ৰেৰণ কৰে৷

অসমীয়া জাতিৰ সংকটৰ সময়ত জাতিধবংশী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ এনেদৰে দূৰ্ঘটনাত পতিত হৈ গুৰুত্বৰভাৱে আহত হোৱা আটাইকেইগৰাকী ছাত্ৰ নেতাক উপযুক্ত চিকিৎসাৰ খৰছ ৰাজ্য চৰকাৰক বহন কৰিবলৈ দাবী জনাইছে সদৌ জামুগুৰি ছাত্ৰ সন্থাই৷

অন্যহাতে প্ৰয়োজনীয় সময়ত আহত ছাত্ৰনেতা কেইজনৰ কাষত উপস্থিত থকা শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে গুৰুতৰভাৱে আহত আটাইকেইগৰাকী ছাত্ৰনেতাক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ পঠিওৱাৰ ব্যৱস্থা

কৰাৰ লগতে প্ৰয়োজনীয় সময়ত তৎকালীনভাৱে চৰকাৰী জৰুৰীকালীন সেৱা ১০২ আৰু চৰকাৰী এম্বুলেঞ্চ লাভ নকৰাত ব্যক্তিগত বাহনতে তেজপুৰলৈ নিবলগা হোৱা কাৰ্য্যত আশ্চৰ্য্য প্ৰকাশ কৰিছে জিলা ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে৷

Related posts

Leave a Comment