অসম ৰাজ্যিক পঞ্চায়ত নিৰ্বাচন আয়োগৰ বিষয়া সকললৈ এটি প্ৰশ্ন

Sharing is caring!

অসম ৰাজ্যিক পঞ্চায়ত নিৰ্বাচন আয়োগৰ বিষয়া সকললৈ এটি প্ৰশ্ন

সঞ্জীৱ মলীয়া ,লেঙেৰী/ডিব্ৰুগড়

অসম পঞ্চায়ত বিধিৰ ওপৰত ভিত্তি কৰি ১৯৯৪ চনৰ অসম পঞ্চায়ত আইন অনুসৰি ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কিছু নিয়মাৱলী আঁত ধৰি:-

(ক)প্ৰাৰ্থী গৰাকী ভাৰতীয় নাগৰিক হব লাগিব ।
(খ)সংশ্লিষ্ট পঞ্চায়তৰ ভোটাৰ তালিকাত নাম সন্নিবিষ্ট হব লাগিব ।

(গ) প্ৰাৰ্থী গৰাকীৰ বয়স ২১ বছৰতকৈ বেছি হব লাগিব ।
(ঘ) মহিলাৰ বাবে আছুতীয়াকৈ ৰখা আসন মহিলা প্ৰাৰ্থীয়ে হব লাগিব ।
(ঙ) অনুসূচিত জাতি জনজাতিৰ বাবে আছুতীয়াকৈ ৰখা আসনৰ প্ৰাৰ্থী গৰাকী চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হব লাগিব ।

এই খিনিলৈ ঠিকেই আছে ।আপোনালোকে নিয়মাৱলীত এটা কথা উল্লেখ কৰিছে, “গাঁও পঞ্চায়ত সদস্যৰ বাবে যদিহে লোকজন কোনো শিক্ষানুষ্ঠানৰ পৰা ষষ্ঠ শ্ৰেনীত উত্তীৰ্ণ হোৱা নাই;অৱশ্যে অনুসূচিত জাতি জনজাতি আৰু অন্যান্য পিছ পৰা শ্ৰেণী (OBC)আৰু ততোধিক অন্যান্য পিছ পৰা শ্ৰেণী (MOBC)প্ৰাৰ্থীসকলে উপৰি উক্ত শিক্ষাগত অৰ্হতা নাথাকিলেও নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰিব”।

এতিয়া এটা কথা মনলৈ আহিছে স্বচ্ছ আৰু আধুনিক ভাৰতৰাষ্ট্ৰ গঢ়াৰ যি সপোন জাতিৰ পিতা মহাত্মা গান্ধীয়ে দেখিছিল(তাৰে অনুসৰণ কৰি আগবাঢ়িবলৈ চেষ্টা অব্যাহত ৰখা প্ৰধান মন্ত্ৰী মাননীয় নৰেন্দ্ৰ দাস দামোদৰ মোদী)তেনে এটা ক্ষণত তথা ৰাজনৈতিক পথাৰৰ আমিবোৰ পতান ধান নেকি? (পতানক সিঁচি কঠীয়া পৰা মানে এই যান্ত্ৰিকতাৰ দিনত) বাৰু যি কি নহওক স্বাধীনতাৰ ৭১ সংখ্যক পাৰ হ’ল। ভাৰতৰ সংবিধান আইনো সংশোধনী কৰা হৈছে। ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ আমি ভাৰতীয় হিচাপে গৌৰাম্বিত ।

পৃথিৱীৰ ১৯৫ খন দেশৰ ভিতৰত ভাৰত ৰাষ্ট্ৰই সৰ্বদিশে প্ৰথম দহটি স্থানৰ ভিতৰত জিলিকি উঠক। পিছে এই গণতন্ত্ৰ ৰাষ্ট্ৰৰ পঞ্চায়তীৰাজ ব্যবস্থাৰ সদস্য তথা জনপ্ৰতিনিধি গৰাকীৰ শিক্ষাগত অৰ্হতা ধাৰ্য্য নকৰাটোয়ে কি বুজাইছে?

আমি জানো যে এখন গাঁও পঞ্চায়ত সৰ্বদিশে বিকাশ আৰু উন্নয়নৰ হকে কাম কৰিবলৈ ৰাইজে ভোটৰ জৰিয়তে পঞ্চায়ত প্ৰতিনিধি নিৰ্বাচন কৰে। শিক্ষাক অন্ধকাৰত ৰাখি ১৯৯৪ চনৰ পঞ্চায়ত আইনখনে এতিয়াও প্ৰযোজ্য।

অসমৰ কথা নকওঁ ভাৰতৰাষ্ট্ৰত উক্ত আইনখন সংশোধন কৰি পঞ্চায়ত প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা নূন্যতম উচ্চতৰ মাধ্যমিক নাইবা গেজুয়েট হব লাগিব বুলি শিক্ষাৰ পণ্ডিত আইনজীৱী নোহোৱা হল নেকি?

গ্ৰাম্য অৰ্থনৈতি গ্ৰাম্য উন্নয়ন হলেহে ভাৰতৰাষ্ট্ৰ শক্তিশালী হব।তেনে হ’লে পঞ্চায়তীৰাজ ব্যৱস্থাত কিয় প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা নিৰ্বাচন আয়োগে নিৰ্দিষ্ট কৰা নাই ।

প্ৰশ্ন হয়,,,,,এই যান্ত্ৰিকতাৰ দিনত কিদৰে জনপ্ৰতিনিধি গৰাকীয়ে জনসাধাৰণৰ কাষলৈ যাব? কিদৰে নতুন নতুন আঁচনি ৰূপায়ণ কৰাত সফল হৈ উঠিব,গ্ৰাম্য অৰ্থনৈতিকক কি দৰে আগুৱাই নিব ইত্যাদি ইত্যাদি,,,,,?

Related posts

Leave a Comment