জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন সম্পন্ন

Sharing is caring!

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ আগশাৰী শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি ২০১৮-১৯ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুস্থিত হৈ যায় ৷

ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত জয়ী প্ৰাৰ্থী সকল ক্ৰমে – সাধাৰণ সম্পাদক পদত ৰিদিপ ৰিয়ন ওজা ,সহ: সাধাৰণ সম্পাদক বেদান্ত বনিয়া , সাংস্কৃতিক সম্পাদিকা বিনিতা দেৱী , সমাজ সেৱাত পৰি দাস, ক্ৰীড়াত মনালিছা বৰুৱা , অধ্যয়ন চক্ৰত শৈৱাল হাজৰিকা , আলোচনী সম্পাদিকা জয়শ্রী হাজৰিকা , উৎসৱ বিভাগত নিলোৎপল শইকীয়া , ছাত্ৰ জিৰণি কোঠা সম্পাদক বিজিত দাস , ছাত্ৰী জিৰণি কোঠা মনালিছা নেৱাৰ৷

আনহাতে প্ৰতিদ্বন্দিতা অগবঢ়োৱা ABVP আৰু NSUIৰ বিপৰীতে AASUয়ে বিশেষ ফলাফল লাভ কৰিবলৈ সক্ষম নহল।

ইপিনে আজি অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ABVP আৰু NSUI সমানুপাতিকভাৱে মুঠ ১০ বিগততে সফলতা লাভ কৰে।

নিৰ্বাচন আয়োগৰ অধ্যক্ষ দীপাংকৰ বৰাৰ তত্ত্বাৱধানত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন সুকলমে পাৰ হৈ যায় ৷ 

Related posts

Leave a Comment