পোহৰৰ দিনত পোহৰৰ বাটেৰে যাওঁ আহক

Sharing is caring!

 

জীৱন মানেই সংগ্ৰাম, 
অভাৱৱেই আৱিষ্কাৰ মুল,
বিহপুৰীয়া মাখনী দেউৰী কৰ্মই যে ধৰ্ম,

বাক্য শাৰী প্ৰতিপন্ন কৰিলে
বিহপুৰীয়া মাখনী দেউৰীয়ে,

দাৰিদ্ৰতাক কোনো শব্দ নাই দৰিদ্ৰতাক অভাৱক প্ৰত্যাহ্বান জনোৱা এতিয়া লক্ষীমপুৰ বিহপুৰীয়াতেই নহয় সমগ্ৰ অসমতেই এতিয়া মাখনী দেউৰী নামৰ এই মহিলা গৰাকী সকলোৱে আদৰ্শ ৷
এই নাম মাখনী দেউৰী ।
এওঁ ঘৰ লক্ষীমপুৰ জিলা
বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত কাছিকটা দেউৰী গাৱঁৰ স্বজীৱি মহিলা ।

এই মহিলা গৰাকীয়েই শিকালে জীৱন মানে সংগ্ৰাম ।
জীয়াই থাকিবলৈ এমুঠি অন্ন আৰু এজোৰ কাপোৰ বৰষুণ ৰ’দ নপৰা এটি গৃহ আৰু প্ৰয়োজনী কেইটামান বস্তূ ।
বাকী একো নালাগে মানুহক মানুহ হিচাপে জীয়াই থাকিব । মানুহে কয়
জীৱনতো জীয়াই থাকিব বহুত কিবা কিবি প্ৰয়োজন কিন্তু মাখনী ক্ষেত্ৰত বিপৰীত ।
মাখনী ক্ষেত্ৰত জীয়াই থাকিব লাগে মাথোঁ শান্তি মৰম ,এখন সুন্দৰ সমাজ,এটা বৰষুণ ৰ’দ নপৰা গৃহ আৰু এটা পবিত্র মন
এই কথা মাখনী দেউৰী ।

মানুহ হিচাপে যদি জীয়াই থাকিব লাগে বিলাসী গাড়ী , বিলাসী ঘৰৰ এই বোৰ নালাগে লাগে শান্তি আৰু কৰ্ম সংস্কৃতি মানুহ সুন্দৰ মন এই কথা প্ৰমাণ কৰিলে মাখনী দেউৰীয়ে ।
এতিয়া এওঁ
বৰ্তমান সমাজ ব্যৱস্থাটোৰ বাবে আৰ্দশহৈ পৰিছে সকলোৱে বাবে ।
৩৫টা বসন্ত গৰকা মাখনী দেউৰী নামৰ এই গৰাকী উদ্যমি মহিলাৰ কৰ্মসংস্কৃতি সমগ্ৰ বিহপুৰীয়াবাসীৰ ৰাইজৰ লগতে সমগ্র অসমবাসী ৰাইজৰ বাবে আকৰ্ষনৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে এতিয়া ৷

মাখনী ঘৰৰ সংসাৰ দুৱস্থাই এই আদৰ্শ সৃষ্টি এক অনন্য ।
মাখনী
দুই সন্তানৰ মাতৃ মাখনী ।

মাখনী এই আদৰ্শ আৰত এজন ব্যক্তি তেওঁ হৈছে তেওঁৰ স্বামী ।
কাৰণ স্বামী
বৰ্তমান এক জটিল ৰোগত আক্ৰান্ত
শয্যাগত স্বামী ৷
দুই সন্তানকো পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব লাগে হাত নাই টকা নাই কোনো চৰকাৰৰ তথা জনপ্ৰতিনি সহায় ।
মাথোঁ কিছু মাত দিয়েই জনপ্ৰতিনি দায়িত্ব সামৰি লোৱা জনপ্ৰতিনি কিব্বা নিজকে প্ৰত্যাহ্বান জনাই মাখনী আগবাঢ়ি আহিল ৰাজ পথলৈ ।
এতিয়া পাক ঘৰৰ পৰা উলাই আহিল ৰাজপথলৈ মাখনী ।
কাৰণ এতিয়া মহিলা পাক ঘৰত নাই চাউল দালি নিমখ তেল ।
ৰান্ধিবলৈ পাকঘৰত একো নাই
ইফালে দুটি সন্তানৰ কান্দূন সিহঁতৰ ভোগ লাগিছে ।
নাই খাবলৈ ভাত নাই ৰান্ধিলৈ চাউল মাখনী এতিয়া বিপাঙত মাখনী ।

কিন্তু এনেকৈ টো ঘৰত বঢ়ি থাকিলে ভোগ নাযায় ।
কাৰণ দুটি কণমানি সন্তানক যিকোনো উপায় দিব লাগিব সময়ত এমুঠি অন্ন আৰু নিজেও খাব লাগিব এমুঠি আহাৰ ইফালে ৰোগীৰ স্বামী ওক সময়ত যোগান ধৰিব লাগিব ঔষধ খাদ্য তাকে এতিয়া পাবনো ক’ত কোনো দিব মাখনীক ।
কোনো পূৰণ কৰিব মাখনী এই অভাৱ।

গতিকে এতিয়া মাখনী চিন্তা ।
উপায়হীন মাখনী । সেই অভাৱৰ সন্ধান বিচাৰিলে মাখনীয়ে ।

তেতিয়াই মাখনীৰ মনলৈ আহিল জীয়াই থাকিব হ’লে সংগ্ৰাম আৰু ত্যাগ কৰ্ম প্ৰয়োজন ।
এই কথা মনত লৈ একাংশ মাখনী শুভকাংশী আৰু স্বামী পৰিয়ালৰ লগত আলোচনা কৰি মাখনী ৰাজপলৈ অহা সিদ্ধান্ত ললে ।
হয়
“অভাৱেই আৱিস্কাৰৰ মুল” তাকে প্ৰমাণ কৰিলে মাখনীয়ে ।

মাখনী এতিয়া জীৱটো
জটিল সন্ধিক্ষনত জীয়াই থকাৰ পথ লাগে তেতিয়া মাখনীয়ে এজন শুভকাংশী লোকৰ পৰামৰ্শতলৈ
বেংকৰ পৰা ৮০হাজাৰ টকা ঋণ ললৈ ।
আৰু সেই টকাৰে কিনি আনিলে এখন ই-ৰিক্সা ৷
হয় এতিয়া সকলোৱেই প্ৰিয় এই
ই-ৰিক্সা ।

ই-ৰিক্সা
লৈ আৰম্ভ কৰিলে জীয়াই থকাৰ পথত মাখনীয়ে ।

এই ই-ৰিক্সাই এতিয়া মাখনী জীৱন জীয়াই থকা একমাত্ৰ সংগী ।

জীৱনত জীয়াই থাকিব হ’লে যে
সংগ্ৰামৰ প্ৰয়োজন তাৰে উদাহৰণৰ এই মাখনী ।
পুৱাই ৪ বজাত উঠি মাখনীয়ে সকলো ঘৰুৱা কাম কাজ আৰু দুই সন্তানক বিদ্যালয় পঠিয়াই আৰু ঘৰুৱা সকলো কাম সম্পাদন কৰি তেওঁ ৰোগীৰ স্বামীৰ সন্মুখত সকলো দিনটো লাগতিয়াল বয় -বস্তূ খাদ্য পানী যোগাৰ দি সেৱা কৰি মাখনী উলাই যায়
লগত ই-ৰিক্সা খন লৈ
বিহপুৰীয়া নগৰলৈ ।

এতিয়া পুৱা পৰা আৰম্ভ হয় মাখনী দিনটো সংগ্ৰাম ।

পুৱা পৰা সন্ধিয়া লৈ আৰম্ভ হয় এই সংগ্ৰাম ।

সুবিধা মিলাই দিনত এবাৰ ঘৰলৈ আহে মাখনী কাৰণ তেওঁ ৰোগীয়া স্বামী বিচনাত ।
ইফালে দুটা সন্তান বিদ্যালয় পৰা আহি বিচাৰিব ভাত কাৰণ সিহঁতৰ কণ কণ সিহঁতে বুজি নাপায় অভাৱ অভিযোগ সিহঁতৰক লাগে মাথোঁ সামান্য আহাৰ ।
সেই আহৰ মুঠি মাখনীয়ে যোগাৰ কৰিবলৈ বুলি এবাৰ দিনটোত ঘৰলৈ আহি সিহঁতক জা -যোগাৰ কৰি পুণৰ কৰ্ম স্থানলৈ গতি কৰে মাখনীয়ে । মাখনীয়ে
দৈনিক ভাড়া মাৰি সংগ্ৰহ কৰে ৪০০ টকাৰ পৰা ৫০০টকা ৷
দৈনিক উপাৰ্জিত ধনেৰে স্বামীক প্ৰতিপাল কৰাৰ লগতে পৰিয়ালটিক পোহপাল দি আহিছে সুখ শান্তি আনন্দৰে মাখনীয়ে ৷

ইফালে মাখনী আন এক গধুৰ দায়িত্ব
সপ্তাহে সপ্তাহে পৰিষোধ কৰিব লাগে ঋণৰ কিষ্টি তাৰ বাবে ও সম্পূৰ্ণ প্ৰস্তুত থাকে মাখনী ।

বৰ্তমান মাখনী জীৱনলৈ নামি আহিছে সফলতা ।
সংগ্ৰাম
কষ্টৰ ত্যাগৰ
বিনিময়ত উপাৰ্জিত ধনেৰে পৰিয়াল পোহপাল দিয়াৰ লগতে বেংকৰ ঋণো পৰিশোধ কৰি আহিছে সময়ত ।
এটিয়া মাথোঁ আশা স্বামীক সুস্থ কৰি তোলাৰ ৷
একাধিক সমস্যাৰ মাজতো মুখত এমোকোৰা হাঁহি লৈ কৰ্মক্ষেত্ৰত সফলতাৰে আগবাঢ়ি যোৱা মাখনী কৰ্ম সংস্কৃতি স্থানীয় পুৰুষ মহিলা সকলৰ বাবে হৈ পৰিছে আৰ্দশ ৷

মাখনীৰ আশীৰ্বাদ এদিন জীৱন সংগ্ৰামত সফলতা অৰ্জন কৰিব, মহিলাক আগুৱাই নিব সমাজ ব্যৱস্থা উন্নত কৰিব সমাজ পবিত্ৰ কৰিব মানুহক কৰ্ম জীৱিকা সন্ধান দিব সেয়া এতিয়া বাস্তৱ ।
আকাশৰ তৰা গনিব পৰা জুপুৰী সদৃশ ভগ্ন ঘৰটোৰ পৰা এটা সুন্দৰ ঘৰ হ’ব লাহে লাহে মাখনীৰ ।
ৰোগীয়া স্বামী সুস্থ হ’ব ৷
দুই সন্তানে পঢ়ি শুনি ডাঙৰ মানুহ হ’ব সেই টোৱেই এতিয়া মাখনী মন্তব্য ।

উল্লেখযোগ্য যে
মহিলাসৱলীকৰণৰ উদ্দ্যেশ্যে চৰকাৰী পক্ষই গ্ৰহণ কৰা ব্যৱস্থাই ধুকি নোপোৱা মাখনী এই জীৱন সংগ্ৰামৰ কাহিনীয়ে চৰকাৰীপক্ষ আৰু জনপ্ৰতিনিৰে প্ৰভাৱাম্বিত কৰিব পাৰিব নে সেই টো এতিয়া প্ৰশ্ন আমাৰ ।

Related posts

Leave a Comment