ত্ৰিছ লক্ষ ভকত বৈষ্ণৱক আদৰিবলৈ সাজু অষ্টাশী সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও অধিবেশনৰ আদৰণি সমিতি, লাইখুটা স্থাপন

Sharing is caring!

মাজত মাথো দুটা মাহ৷ মুঠ চাৰিদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে ফ্ৰেৱুৱাৰী মাহৰ ৬,৭,৮ আৰু ৯ তাৰিখৰ পৰা অনুষ্ঠিত হবলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও অধিবেশনৰ আজি লাইখুটা স্থাপন কৰা হয়।

লাইখুটা স্থাপন কৰে সংঘৰ প্ৰধান পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই৷ প্ৰধান পদাধিকাৰ গৰাকীয়ে আনুষ্ঠানিকভাৱে লাইফুটা স্থাপন কৰাৰ লগে লগে মৰিগাঁও সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে৷ পদাধিকাৰ গৰাকীয়ে গুৰুজনাই দি যোৱা আদৰ্শৰে আগবাঢ়ি যাব বুলি মত প্ৰকাশ কৰে৷

ইফালে লাইখুটা স্থাপনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি সভাত অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, যুৱমন্ত্ৰী পীয়ূষ হাজৰিকা, মীন উন্নয়ন পৰিষদৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা তথা

জনপ্ৰিয় অভিনেত্ৰী আঙুৰ লতা ডেকা, উপস্থিত হৈ চৰকাৰৰ তৰফৰ পৰা সকলো সহযোগিতা আগবঢ়াব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷

◆ মুকলি সভাখন উদ্ধোধন কৰে সংঘৰ উপপদাধিকাৰ প্ৰফুল্ল বৰাই৷ উদেশ্য ব্যাখ্যা কৰে সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা আদৰণি সমিতিৰ সম্পাদক বাবুল বৰাই৷

◆ দেওবাৰে অনুষ্ঠিত মুকলি সভাত জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যাসাগৰ, বিশিষ্ট লেখিকা মাইনী মহন্ত, চলচিত্ৰ পৰিচালক বাণী দাস, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাকে ধৰি ভালেসংখ্যক বিশিষ্ট অতিথি আৰু ভকত বৈষ্ণৱ উপস্থিত থাকে।


 

Coming Soon!

Related posts

Leave a Comment