মাৰ্ঘেৰিটা সমষ্টিৰ কৈলাশপুৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গণ সমাবেশ

Sharing is caring!

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত কৈলাশপুৰ গাওঁত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবীত কৈলাশপুৰৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন অাৰু স্থানীয় সচেতন নাগৰিকৰ উদ্যোগত গাওঁখনৰ পঞ্চায়ত প্ৰাংগনত গণ সমাবেশৰ অায়োজন কৰে ।

বলিন চাংমাইৰ পৌৰহিত্যত অাৰু কেশৱ দত্তৰ পৰিচালনাত অায়োজন কৰা গণ সভাত মটক যুৱ ছাত্ৰ সন্মিলন কেন্দ্ৰীয় সমিতিৰ মূখ্য উপদেষ্টা উদয় শংকৰ মহন,অাটাছু কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোঁহাই,অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহ:সম্পাদক দিগন্ত শইকীয়া,মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ দিগন্ত নেওগ,অাদিবাসী সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সম্পাদক শিৱ তাঁতী অাৰু প্ৰাক্তন ছাত্ৰ নেতা ৰনজিৎ দহোতীয়া উপস্থিত থাকে।

অামন্ত্ৰিত বক্তাসকলে জাতিধংসী এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি ইয়াৰ পৰা অসমৰ জনগাঠনিৰ প্ৰতি অাহিব পৰা ভাবুকি সম্পৰ্কত বিস্তৃত ব্যখ্যা অাগবঢ়াই। লগতে শাসনাধিষ্ঠিত বিজেপি-অগপ মিত্ৰদলকো ক্ষুৰধাৰ সমালোচনা কৰে।

অসমীয়াৰ জাতীয় অস্তিত্ব ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীলৈ অহা বিজেপি মিত্ৰজোটৰ চৰকাৰখনে কৌশলগতভাৱে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰি অসমীয়া জাতিৰ বিপদাপন্ন কৰিব বিচাৰিছে বুলি অামন্ত্ৰিত বক্তাসকলে বক্তব্য অাগবঢ়াই।

ইয়াৰ উপৰিও অাঞ্চলিক দল অগপই বিধেয়ক গৃহীত হলে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰা হুংকাৰ দিয়াটো হাস্যকাৰ বুলি উল্লেখ কৰি বিধেয়কখন কোনো কাৰণতে গৃহিত হ’বলৈ নিদি বিজেপি দলৰ সৈতে এতিয়াই মিত্ৰতা ভংগ কৰাৰ অাহ্বান জনাই।

Related posts

Leave a Comment