চিৰাঙৰ বিজনী দহলাপাৰা ৩১ নং ৰাষ্টীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা৷ বাইক আৰোহী নিহত

Sharing is caring!

চিৰাঙৰ বিজনী দহলাপাৰা ৩১ নং ৰাষ্টীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা৷ বাইক আৰোহী নিহত

চিৰাঙৰ পৰা লিটন বসাক অসম খবৰ ১১ নৱেম্বৰঃ চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দহলাপাৰাত আজি আবেলি ৪-১৫ মান বজাত চলন্ত ট্ৰাকৰ খুন্দাত বাইক আৰোহী থিতাতে নিহত হয় ৷ গুৱাহাটী মুখী এ আৰ কে ২৯৫৯ নম্বৰৰ মালবাহী ট্ৰাকখনে একে দিশত গৈ থকা এ এছ ১৫ এফ ১০৮০ নম্বৰৰ বাইক আৰোহীক পাছফালে খুন্দিয়ায় ৷ ফলত ট্ৰাকৰ চকাত পৰাত লোকজনৰ মূৰৰ ওপৰেৰে যোৱাত থিতাতে নিহত হয় ৷ যানিব পৰা মতে বিজুতি ঘটা ট্ৰাকখনো পথৰ ওপৰত চকা এটা কালভাৰ্টত দূৰ্গটনাত পতিত হয ৷ দূৰ্ঘটনাত নিহত বাইক আৰোহী জনক প্ৰণৱ বৰ্মণ(৩৫) বুলি চিনাক্ত কৰা হৈছে ৷ বৰ্মণৰ ঘৰ বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত মাদুলীঝাৰত ৷ বঙাইগাঁও জিলাৰ গৰাইমাৰী শাকতোলাত গ্ৰাম্য পথ নিৰ্মাণৰ কামত কৰ্মৰত অাছিল ৷ নিজৰ হিৰো হোণ্ডা বাইকেৰে ঘৰলৈ উভতি যাওঁতে ঘটনাটো ঘটে ৷ যুৱকজন এবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল ৷ ঘটনাৰ পাছতে দূৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন এৰি চালক- হেণ্ডিমেনে পলায়ন কৰে ৷ পাচলৈ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি নিজৰ জিম্মাত নিয়ে ৷

Related posts

Leave a Comment