কোন দিশে ৰাজ্যৰ শাসন ব্যৱস্থা ? ধোঁৱাচাঙত পৰিণত প্ৰধানমন্ত্ৰী মোডীৰ স্বচ্ছতাৰ শ্লোগান, প্ৰসহনত বিহালীৰ এখন গাঁৱৰ

Sharing is caring!

দুই নাওঁ দুই ভৰি দি বিপদত পৰা বিহালী এখন গাঁও,

ধোঁৱাচাঙত পৰিণত প্ৰধানমন্ত্ৰী মোডীৰ স্বচ্ছতাৰ শ্লোগান।

এফালে ৰাজ্য চৰকাৰৰ মিছন হান্দ্ৰেড আনফালে এটুপি

বিশুদ্ধ খোৱাপানীৰ অভাৱত ৰাইজৰ মাজত হাহাকাৰ

পৰিবেশ।

মোডী চৰকাৰৰ স্বচ্ছতা অভিযানৰ ছাঁটোও নপৰা বিহালী মিলপুৰ গাঁৱৰ কথাকে আমি উল্লেখ কৰিব বিচাৰিছোঁ। জীয়াই থকাৰ মৌলিক অধিকাৰক উপেক্ষা কৰিছে জনপ্ৰতিনিধিয়ে। এইখন গাঁৱত নাই কোনো সুচল বাট পথ।

স্বচ্ছতা এক পৰিহাস ৷ ধোঁৱাচাঙলৈ পৰিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত মিছনৰ সপোন ৷ যি সময়ত ৰাজ্য চৰকাৰে মিছন হান্দ্ৰেড আচঁনিৰ জড়িয়তে ১১১ খন বিশুদ্ধ খোৱা পানী যোগান আচঁনিৰে কোটি কোটি টকাৰ খৰছ কৰি ৰাজ্যবাসীক চমক লগাইছে সেই সময়তে এটুপি বিশুদ্ধ খোৱাপানীৰ সন্ধানত হাহাকাৰ কৰি জীয়াতু ভোগিব লগা হৈছে একাংশ লোকে।

নলা-নৰ্দমা, খাল-বিলৰ পানী খাই জীৱন নিৰ্বাহ কৰিছে সাধাৰণ জনতাই ৷স্বচ্ছতা কিম্বা অনাময় ব্যৱস্থা এওঁলোকৰ বাবে প্ৰসহনহে মাথোঁ। বিশ্বনাথ জিলাৰ অন্তৰ্গত তথা গহপুৰৰ সমষ্টিৰ আৰু বিহালী সমষ্টিত সীমা এক নং বিহমাৰী বিস্তীৰ্ণ অঞ্চল মিলনপুৰ গাওঁ ৷

এই সকল লোকক প্ৰকৃততে ভোট প্ৰদান কৰে গহপুৰৰ বিধান সভাৰ সমষ্টিত কিন্তু ভুমি সমুহ পৰে বিহালী সমষ্টিত । মিলপুৰ নামৰ গাঁৱৰ খনত বিভিন্ন জাতি জনজাতীয় ভূমিপুত্ৰৰ বসতি প্ৰধান গাওঁ ৷

এই সকল লোকৰ পূৰ্বতে মুলত কৃষিকৰ্মৰ উপাৰ্জনৰ একমাত্ৰ স্থল ৷ কিন্তু আজি এশ এবুৰি সমস্যা জৰ্জৰিত এই সকল ভূমিপুত্ৰই আজো কোপতি চৰকাৰৰ তৰফৰ পৰা পোৱা নাই কোনো এটা সুবিধা ৷ নাই পোৱা নিজৰ মৌলিক অধিকাৰ । আন নালাগে একবিংশ শতিকাৰ বিজ্ঞানৰ উত্তৰণৰ দিনত তেওঁলোকে খোৱাপানী ৰূপে ব্যৱহাৰ কৰিব লগীয়া হৈছে খাল,নলা আৰু উঁহৰ পানী ৷

মুঠ ৫০ টা পৰিয়ালে বসবাস কৰা এই গাঁৱৰ প্ৰায় ৫/৬ ঘৰৰ মাজত এটাই খোৱাপানীৰ উৎস প্ৰকৃতিৰ দান এটি উঁহ নাদ । দিনৰ ভাগত পানী ব্যৱহাৰ কৰিলে সন্ধিয়া লৈ নোহোৱা হয় পানী কাৰণ নদৰ পানী ।সেই নাদৰ পানী ঘৰৰ গৰু ছাগলী কো খোৱাব লাগে নিজেও খাব লাগে ।

একমাত্ৰ এই উৎসটোৰ পৰা খোৱাপানী সংগ্ৰহ কৰিবৰ বাবেই গাওঁবাসীয়ে ইজন পিচত সিজন ৰৈ থাকিবলগীয়া হয় ৷
অঞ্চলতোত বৰ্তমানলৈকে প্ৰধানমন্ত্ৰী মোডীৰ স্বচ্ছ ভাৰত মিছনৰ অন্তৰ্গত অনাময় ব্যৱস্থায়ো বৰ্তমানলৈকে ঢুকি পোৱা নাই সমগ্ৰ অঞ্চলটোক ৷

অপৰিস্কাৰ অপৰিচন্নতা, ব্যৱহাৰৰ অনুপযোগী পানীৰ ব্যৱহাৰৰ ফলশ্ৰুতিতে অঞ্চলতোৰ বেছিভাগ ৰাইজে ভোগিছে চৰ্মৰোগ আৰু ডায়েৰীয়া জাতীয় ৰোগত ৷

শেহতীয়াকৈ ৰাজ্য চৰকাৰে অসমত মিছন হান্দ্ৰেড নাম দি ৰাজ্যৰ ভিন্ন প্ৰান্তত ১১১ খন বিশুদ্ধ খোৱাপানী যোগান আচঁনি উন্মোচন কৰি চমক দেখুৱাই অসম বাসীৰ পৰা বা বা লবলৈ চেষ্টা কৰিছে যদিও প্ৰকৃত ছবি প্ৰকৃত স্থানত আজিও নাপালে এই চৰকাৰৰ আচনিয়ে ।

এতিয়া হাহাকাৰ অৱস্থা বিশ্বনাথৰ বিহালী মিলপুৰৰ এই ভূমিপুত্ৰ সকলৰ এটুপি বিশুদ্ধ খোৱাপানীৰ সন্ধানত। যি সংগ্ৰাম সেয়া চকুত পৰিবনে ৰাজ্য চৰকাৰৰ বিভাগীয় বৰমুৰীয়া কিম্বা মন্ত্ৰী বিধায়ক সকলৰ ।

একমাত্ৰ যে খোৱা পানীয়েই নহয় গাঁৱৰ খনত নাই কোনো অহা যোৱা কৰিবলৈ সুচল পথ, নাই কোনো ভাল শিক্ষা ব্যৱস্থা ,নাই কোনো পোহৰ ব্যৱস্থা। যোৱা চাৰি বছৰ পূৰ্বে বুৰৈ নদী গৰাখহনীয়া কবলত দিশহাৰা হোৱা এই সকল লোকক চকু দিবনে চৰকাৰী পক্ষই ।

প্ৰৱল খহনীয়াত জাহ যোৱা আজি সেই সপোনৰ ঘৰৰ খন বিচাৰি হাহাকাৰ। সেই গৰাখহনীয়া কবলত নিজৰ বাৰী ঘৰৰ দুৱাৰ হেৰুৱাই দীৰ্ঘদিন ধৰি অঘৰী দৰে জীৱন কটাই অৱশেষত লাভ কৰিলে চৰকাৰৰ পৰা কিছু ভূমি ।

কিন্তু ভূমি দিলে ঠিকেই চৰকাৰে কিন্তু নিদিলে কোনো সঠিকভাৱে জীয়াই থকাৰ মৌলিক অধিকাৰ ।

আমাৰ এই প্ৰতিবেদন চাই চৰকাৰৰ বা কিম্বা মন্ত্ৰী বিধায়ক প্ৰশাসনৰ লোকক উপস্থিত হৈ গাঁৱৰ ৰাইজৰ দুখ দুৰ্দশা বুজ লব বুলি আমিও আশাবাদী ।

Related posts

Leave a Comment