মৰাণলেণ্ডৰ বাতৰি সন্দৰ্ভত মৰাণ জনজাতিৰ সংগঠনসমূহৰ তীব্ৰ প্ৰতিক্ৰিয়া, সংবাদ মাধ্যম আসাম টকছৰ বিৰুদ্ধে এজাহাৰ দাখিল”

Sharing is caring!

যোৱা ২২ নৱেম্বৰ তাৰিখে অসমৰ বৈদ্যুতিক সংবাদ মাধ্যম আসাম টকছত উজনি অসমৰ মৰাণলেণ্ডৰ দাবীত সশস্ত্ৰ সংগঠন জন্ম হোৱাৰ বাতৰি প্ৰচাৰ হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰাণ জনজাতিৰ কেউটা সংগঠনে ।

আজি তিনিচুকীয়াৰ হোটেল জ্যোতিত এখন সংবাদ মেল আয়োজন কৰি সংগঠন কেইটাৰ নেতৃবৃন্দই প্ৰকাশ কৰে যে-এনেধৰণৰ বিভ্ৰান্তিকৰ বাতৰিয়ে মৰাণ সমাজক বাৰুকৈয়ে ক্ষুন্ন কৰি তুলিছে। সৰ্বদিশতে অনগ্ৰসৰ মৰাণ সমাজখনক শৈক্ষিক, আৰ্থসামাজিক দিশত সকলোৰে সমভাৱে আগুৱাই যোৱাৰ হকে মৰাণ জনজাতিয় সংগঠন সমূহে অহৰহ প্ৰচেষ্টা চলাই আহিছে।

মৰাণ সংগঠন সমূহে মৰাণ জনজাতিৰ হেৰাই যোৱা সাংবিধানীক অধিকাৰ পুনৰ প্ৰতিষ্ঠাৰ হকে আৰু ৰাজনৈতিক সুৰক্ষা পাবৰ বাবে গনতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছে। মৰাণ লেণ্ডৰ নামত নামত কোনোধৰণৰ উগ্ৰপন্থী সংগঠন জন্ম হোৱা নাই বৰঞ্চ তাহানিৰে পৰা আজিলৈকে “আলফা” স্বাধীনলৈহে দ’লে দ’লে যুৱক গৈ আছে এই কথা চৰাকাৰে জানে । ইয়াক ৰোধ কৰাত চৰকাৰ ব্যৰ্থ হৈছে বুলি সংগঠনকেইটাৰ নেতৃত্বই কয়।

এনেধৰণৰ বিভ্ৰান্তিকৰ বাতৰি প্ৰচাৰ নকৰিবলৈ সকলো পক্ষকে সকীয়াই দিয়াৰ লগতে প্ৰতিক্ৰিয়াশীল চক্ৰত মৰাণ সকলৰ জাতীয় জীৱনৰ লগত হেতালি নেখেলিবলৈ চৰম সকীয়নি প্ৰদান কৰি সমগ্ৰ বিষয়টো তদন্ত কৰিবৰ বাবে চৰকাৰৰ প্ৰতি দাবী জনাই সংগঠন কেইটাৰ বিষয়ববীয়াই। লগতে ভূৱা বাতৰি প্ৰচাৰ কৰাৰ বাবে ইলেক্ট্ৰনিক প্ৰচাৰ মাধ্যম “আসাম টকছ”ৰ বিৰুদ্ধে তিনিচুকীয়া সদৰ থানাত এখন এজাহাৰ দাখিল কৰে মৰাণ জনজাতীয় কেউটা সংগঠনৰ নেতৃত্বই।

Related posts

Leave a Comment