জীৱন্ত ৰাস আৰু মৃণ্ময় মূৰ্ত্তিৰ অনুপম সমাহাৰৰে অনুষ্ঠিত উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসোৎসবৰ সফল সামৰণি :

Sharing is caring!

 

সৰ্পৰ গৰ্ভত শ্ৰী কৃষ্ণৰ ৰাস লীলাত মন্ত্ৰমুগ্ধ হাজাৰ হাজাৰ দৰ্শক

বিশ্বনাথৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসোৎসাৱত ৰাধাৰ ৰূপত জনপ্ৰিয় অভিনেত্ৰী ফেৰি প্ৰিয়া আৰু কৃষ্ণৰ ৰূপত অভিলাসা দাসৰ নৃত্যই আপ্লুত কৰে হাজাৰ হাজাৰ দৰ্শকৰ মন। বিশ্বনাথৰ ৰেল গেট ৰাস বাকৰিত দুদিনীয়াকৈ আয়োজন কৰা এই ৰাসোৎসাৱত দৈৱকীৰ ৰূপত অভিনেত্ৰী টিনা হাজৰিকা আৰু মোহিনীৰ ৰূপত প্ৰতিভাবান ভাৰত নাট্যমৰ নৃত্য শিল্পী স্ৰোতস্বিনী হাজৰিকা আৰু আন ভাৱৰীয়া সকলৰ অভিনয় দৰ্শকৰ বাবে হৈ পৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। দুয়োটা নিশা গুৰু বন্দনা ,অনন্ত শৰ্যা,দৈৱকীৰ বিবাহ পুটনা বধ, নন্দোৎসৱ,কালিয় দমন নাটিকাত অভিনয় শিল্পী সকলৰ অভিনয় আছিল চমকপ্ৰদ। প্ৰথম নিশাৰ ৰাসোৎসৱত মোহিনীৰ ৰূপত জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা, ৰাধাৰ ৰূপত অভিনেত্ৰী কল্পনা কলিতা,কৃষ্ণৰ ৰূপত নয়ন জ্যোতি ৰয়ৰ অভিনয় এ হাজাৰ হাজাৰ দৰ্শকৰ মন্ত্ৰমুগ্ধ কৰি তোলে। ইফালে এডাল প্ৰ্কাণ্ড সৰ্পৰ গৰ্ভত এই বাৰ ৰাস লীলাত মৃণ্ময় মূৰ্তিৰ দৃশ্যই এইবাৰ দৃষ্টি কাঢ়ি নিছে হাজাৰ হাজাৰ দৰ্শকৰ। সৰ্পাকৃতিৰ বিয়াগোম দৃশ্য সজ্জাৰ ভিতৰত আছে মৃণ্ময় মূৰ্তিৰ ৰাসৰ অনুপম দৃশ্য। কন্ঠশিল্পী মনজিৎ বৰঠাকুৰ, বলিন শইকীয়া,হামিদা খাতুন,অঞ্জলি হাজৰিকা,লতা ওজা,ৰনজিৎ দাস,কামেশ্বৰ দাস,ৰাজীব ভূঞাৰ সংগীত পৰিচালনাৰে অনুষ্ঠিত হৈছিল এই ৰাস উৎসৱ। অত্যাধুনিক আলোকসজ্জা আৰু বৰপেটাৰ আতচ বাজিৰ অপূৰ্ব সমাহাৰৰে অনুষ্ঠিত উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসোৎসৱৰ দ্বিতীয় নিশাৰ নৃত্য নাটিকা আৰু কেলিগোপল নাট উদ্বোধন কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। প্ৰথম দিনাৰ ৰাস উদ্বোধন কৰে আছুৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকীয়ে।

Related posts

Leave a Comment