খনামুখ – তেজপুৰ সংযোগী পথৰ দুৰৱস্থা

Sharing is caring!

 শোণিতপুৰ জিলাৰ অধিনস্থ ৰঙাপাৰা আৰু তেজপুৰ সমষ্টিৰ সংযোগী খনামুখ হৈ তেজপুৰ বিশ্ববিদ্যালয় হৈ তেজপুৰৰ পৰোৱা চাৰিআলিত ওলোৱা এই পথ ছোৱা অতি স্পৰ্শকাতৰ হৈ আছে ৷

ৰাজ্যৰ গড়কাপ্তানি বিভাগে এই পথছোৱা মাজে সময়ে মেৰামতি কৰে বুলি সাধাৰণ ৰাইজে কৈছে যদিও সেই পথ দীৰ্ঘস্থায়ী নহয় আৰু বাৰিষা অহা লগে লগে ৰাইজে অহাযোৱা এই পথছোৱাৰ বাবে জীয়াতু ভুগিব লগীয়া হয় ৷

গতিকে চৰকাৰ খনক ৰাইজে এই পথছোৱা অতি সোনকালে মেৰামতি কৰি যাতায়তৰ ব্যৱস্থা সুগম কৰি তুলিবলৈ দাবী জনাইছে।

Related posts

Leave a Comment