জোনাই সমষ্টিৰ ৪ নং চিচিবৰগাঁৱৰ জিলা পৰিষদৰ প্ৰাৰ্থী লোকেশ্বৰ চুতীয়া বিশাল মটৰ চাইকেল ৰেলী

Sharing is caring!

 

জোনাই সমষ্টিত গাঁৱে গাঁৱে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ /
জোনাই সমষ্টিৰ ৪ নং চিচিবৰগাঁৱৰ জিলা পৰিষদৰ প্ৰাৰ্থী লোকেশ্বৰ চুতীয়া বিশাল মটৰ চাইকেল ৰেলী ।
হাজাৰ সমৰ্থকে কপালে জোনাই ।

নিৰ্বাচন লৈ মাথোঁ কেইটামান দিন বাকী থকা সময়তে বিভিন্ন ৰাজনীতি দল সমুহে বিভিন্ন ধৰণৰ কৌশল অবলম্বন জড়িয়তে ভোটাৰক আকৰ্ষণ কৰা উদ্দেশ্য বিভিন্ন কৌশল আৰম্ভ কৰা পৰিলক্ষিত হৈছে ।
কোনোৱে হাতীলৈ ৰাইজৰ কাষলৈ ভোট বিচাৰি গৈছে কোনোৱে আকৌ দামী দামী বিলাসী গাড়ী লৈ প্ৰচাৰ চলাই ছে ।
পিছ পৰি ৰোৱা নাই অসম গণ পৰিষদ দল ও ।
এই বাৰ শাসকীয় দল বিজেপি বাবে মুৰৰ কামোৰণি হৈ পৰিছে অসম গণ পৰিষদ দল । বিশেষকৈ ধেমাজি জিলাত পুণৰ শক্তিশালী ৰূপত অসম গণ পৰিষদক দেখা গৈছে ।
বুধবাৰে তাকে দলৱে শক্তি প্ৰদৰ্শন কৰিলে ৪ নং চিচিবৰগাঁৱৰ পঞ্চায়ত জিলা পৰিষদ আসনত প্ৰতিদ্বন্দিতা কৰা শক্তিশালী প্ৰাৰ্থী লোকেশ্বৰ চুতীয়াই ।
বুধবাৰে জিলা পৰিষদ আসনত জয় কৰা লক্ষ্যৰে পাচ শতাধিক লোকে মটৰ চাইকেল ৰেলীৰে আটাইতকৈ পঞ্চায়ত পৰিদৰ্শন কৰি এক নিৰ্বাচনৰ ৰণডংকা বজাই প্ৰচাৰ চলাই নিৰ্বাচনী বতাহ গমৰ কৰি তুলে ।
ইফালে জোনাই সমষ্টিত বিজেপি দৰ প্ৰাৰ্থী সকলে যি দৰে প্ৰচাৰ চলাবলৈ লাগিছিল যদিও তেনে কোনো প্ৰচা অভিযানৰ পৰিলক্ষিত হোৱা নাই ।
আনহাতে এক গোপন সূত্ৰত প্ৰকাশ এই বাৰ জোনাই সমষ্টিত কংগ্ৰেছ আৰু বিজেপি
তৃণমূল পৰ্যায়ৰ নেতা মাজত এক বুজাবুজিও অভিযোগ উত্থাপিত হৈছে ।
উল্লেখযোগ্য যে এই বাৰ জোনাই সমষ্টিৰ অন্তৰ্গত ৪ নং চিচিবৰগাৱ জিলা পৰিষদ আসন বিজেপিয়ে দখল কৰিবলৈ যে কঠিন হ’ব তাৰে প্ৰমাণ কৰিলে বুধবাৰৰ গণ পৰিষদৰ বৃহৎ মটচাইকেল ৰেলীটোৱে ।

Related posts

Leave a Comment