পুৱাৰ পৰা আৰম্ভ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ-ভোটগ্ৰহণ কেন্দ্ৰত ৰাইজৰ ভিৰ-নতুন ভোটাৰৰ উৎসাহ-আকৌ পৰিৱৰ্তনৰ মনোভাৱ ভোটাৰৰ

Sharing is caring!

আজি পঞ্চায়ত নিৰ্বাচন ২০১৮ৰ ভোট গ্ৰহণ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো ভোটাৰৰ উৎসাহ।নিজ গাওঁ-অঞ্চলৰ উন্নয়ণৰ বাবে ৰাইজে আজি নিৰ্বাচন কৰিব মনঃপুত প্ৰাৰ্থীক।শিৱসাগৰ নিৰ্বাচন জিলাৰ ২০২৭ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব আজি।

শিৱসাগৰ নিৰ্বাচন জিলাৰ ১৩ জিলা পৰিষদ,৪ আঞ্চলিক পঞ্চায়ত,৬২ গাওঁ পঞ্চায়ত আৰু ৬২০ ৱাৰ্ডৰ বাবে বিভিন্ন ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।২০২৭ প্ৰাৰ্থীৰ ভিতৰত ৩৯৮ গৰাকী অগপ,৭৪৪ বিজেপি,৭৫২ কংগ্ৰেছ,১০ চিপিআই,৬ অসম সংগ্ৰামী মঞ্চ,৩৪ সন্মিলীত গণশক্তী আৰু ৩৭ নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

শিৱসাগৰ নিৰ্বাচন জিলাৰ ৩,৪৩,৩৪৫ ভোটাৰে এইসকল প্ৰাৰ্থীৰ ভৱিষ্যত আজি নিৰ্ণয় কৰিব।৩,৭৫৬ বিষয়া-কৰ্মচাৰীয়ে সম্পন্ন কৰিব লগীয়া এই নিৰ্বাচনত ব্যাপক হাৰত ভোটগ্ৰহণ হোৱাৰ সম্ভাৱনা আছে।আনহাতে আজি ভোটগ্ৰহণ কেন্দ্ৰত ৰাইজে পৰিৱৰ্তনৰ মত পোষণ কৰিছে।বিগত দিনত কংগ্ৰেছ দলৰ অনিয়মে ৰাইজক বিতুষ্ট কৰিছে।সেইদৰে বিজেপি দলৰ বৰ্তমান কাম-কাজক লৈ সন্তুষ্ট নহয় ৰাইজ।এতিয়া প্ৰশ্ন বিকল্প কি হব?ৰাইজে পাৰ্টিৰ সলনি প্ৰাৰ্থীক গুৰুত্ব দিব।নতুন ভোটাৰে নিকা আৰু দক্ষ প্ৰাৰ্থীৰ সন্ধান কৰিছে।

বৰ্তমানলৈ সুকলমে নিৰ্বাচন অনুষ্ঠিত হোৱা শিৱসাগৰত ভোটাৰৰ ভিৰ দেখি প্ৰায় ৮০% ভোট প্ৰদানৰ সম্ভাবনা দেখা দিছে।শিৱসাগৰৰ বেতবাৰী গাওঁ পঞ্চায়তৰ নিৰ্বাচনত প্ৰিজাইডিং অফিচাৰৰ কাণ্ড ৷

সুৰাৰ ৰাগীত মাতাল পঞ্চায়তটোৰ শুকানপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰিজাইডিং বিষয়া উপেন গগৈ ৷ মদ্যপান কৰি নিৰ্বাচন দায়িত্ব পালন কৰা প্ৰিজাইডিং অফিচাৰ উপেন গগৈক পৰ্যবেক্ষকৰ নিৰ্দেশত আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে ।

Related posts

Leave a Comment