আই… ধৰিত্ৰী শ্ৰাৱণ

Sharing is caring!

আই…

আই, এতিয়া বেলিটোৱে বিদায় মাগিছে
পৃথিৱীৰ বুকুলৈ সন্ধিয়া নামিছে ,
চৰাইবোৰো দেখোন ঘৰমূৱা হৈছে ,
আই, মোৰ তোলৈ বৰকৈ মনত পৰিছে ।
আই, ঘৰে ঘৰে বন্তি জ্বলিছে
তই দিয়া সন্ধিয়াৰ বন্তিগছি,
মোৰ দেখোন চাবলৈ মন গৈছে আই, এতিয়া সন্ধিয়া হৈছে
তই পঢ়াৰ বাবে গালি দিয়া সময়কন আহি পৰিছে,
আজি দেখোন গালিবোৰো মনত পেলাই ভাল লাগিছে ।
আই, মোৰ অকলশৰীয়া পৃথিৱীত
এতিয়া সন্ধিয়াৰ জোনাক নামিছে ,
ঘৰলৈ যাবলৈ দেখোন বৰকৈ মন গৈছে ।
তই ৰন্ধা টেঙা জোলকণ খাওগৈ যেন লাগিছে ,
মনটোৱে তোক দুনাই মতিছে।
ইয়াত সকলোবোৰ যান্ত্ৰিক আই…..
হাঁহি দেখোন ইয়াত পাবলৈ নাই ।
তোৰ মুখনি মনত পেলাই হে
আজি মই হাহিছো আই…।
আই মোৰ যাবৰ সময় হৈছে
সোনকালেই যাম মই তোৰ কাষলৈ ,
তোৰ মৰমে যে মোক ৰিঙিয়াই মাতিছে ……।।

(মাতৃ দিৱস উপলক্ষে, মাতৃ আৰু ঘৰৰ পৰা আঁতৰত থকা প্ৰতিজনলৈ)

কবিৰ ঠিকনা :-

ধৰিত্ৰী শ্ৰাৱণ
নিকামূল সত্ৰ,
তেজপুৰ ।
ভ্ৰাম্য ভাষ:- ৮৭২১৮-৩৮৬৬৪

Related posts