NSK কাৰ্য্যলয়ত মহানগৰ আয়ুক্ত হীৰেন নাথৰ মত বিনিময়

BREAKING NEWS মহানগৰ আয়ুক্ত হীৰেন নাথৰ মত বিনিময়   মহানগৰৰ কাহিলিপাৰা দাক্ষিনগাঁও তিনিআলি স্থিত দাক্ষিনগাঁও হাইস্কুলত আজি মহানগৰ আয়ুক্ত হীৰেন নাথে মত বিনিময় কৰে Nsk ( code 0756/Dispur4) NSK কাৰ্যালয়ত নিয়োগ হৈ থকা বিষয়া আৰু ৰাইজৰ সৈতে । আয়ুক্ত নাথে অসম খবৰৰ সাংবাদিকক জনোৱা মতে এতিয়ালৈ কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা মহানগৰীত সৃষ্টি হোৱা নাই আৰু লগতে তেওঁ জনাই যে মহানগৰ আৰক্ষী সকলো সময়তে সষ্টম হৈ আছে যিকোনো সমস্যাৰ সমাধান কৰিবলৈ।

Read More

প্ৰতিভা সন্ধানী পৰীক্ষাৰ বঁটা বিতৰণি অনুষ্ঠানত বিধায়ক গুৰুজ্যোতি দাস

প্ৰতিভা সন্ধানী পৰীক্ষাৰ বঁটা বিতৰণি অনুষ্ঠানত বিধায়ক গুৰুজ্যোতি দাস ● ছাত্ৰ জীৱন ৰসাল আৰু শান্তিৰ জীৱন এই জীৱন সুন্দৰ কৰাৰ প্ৰথম পথটোৱেই হৈছে শিক্ষা- গুৰুজ্যোতি দাস অসম খবৰ@খাৰুপেটিয়া ৩১ জুলাই :: দৰং জিলাৰ পূৱ মঙ্গলদৈৰ অন্তৰ্গত ধূলাৰ জ্যোতি সংঘ প্ৰাঙ্গনত ধুলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক হৰেন্দ্ৰ নাথৰ সঞ্চালনাত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা প্ৰতিভা সন্ধানী পৰীক্ষাৰ ফলাফলৰ অন্তত বঁটা বিতৰনি সভা অনুষ্ঠিত কৰা হয় । অঞ্চলৰ কেইবাজনো শিক্ষিত নিৱনুৱা যুৱকে একত্ৰিত হৈ নতুন প্ৰজন্মৰ লগতে সমাজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি শিক্ষাৰ পোহৰ বিলুৱাৰ উদ্দেশ্যৰে জ্ঞানোদয় টিউচন চেণ্টাৰ নামে এখন শিক্ষানুষ্ঠান জন্ম দিয়ে।…

Read More

নাগৰিকপঞ্জী চূড়ান্ত তালিকাত নাম নথকাৰ বাবে কান্দোনত ভাগি পৰিল এগৰাকী মহিলা

সদ্যপ্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চূড়ান্ত তালিকাত নাম নথকাৰ বাবে কান্দোনত ভাগি পৰিল এগৰাকী মহিলা ◆ নাম বাদ পৰিলেও সংকীট হোৱাৰ প্ৰয়োজন নাই… অসম খবৰ @গুৱাহাটী,৩০ জুলাই: এন আৰ চি পূৰ্ণাঙ্গ খচৰা তালিকা নাম প্ৰকাশ নোহোৱাৰ বাবে এগৰাকী মহিলাই কান্দোনত ভাগি পৰিল । আজি প্ৰকাশ পালে এন. আৰ.চিৰ সম্পূৰ্ণ খচৰা তালিকা। তালিকাখনক লৈ বহুতৰ মুখত হাঁহি বিৰিঙিল যদিও আকৌ বহুতৰ চকুত চকুলো দেখা পোৱা গ’ল। আমি দেখুৱাব খোজা এইগৰাকী মহিলা এন আৰ চিত নাম নাহিল । পুৱাই এন আৰ চিৰ কেন্দ্ৰ গৈ দেখা নাপালে নিজৰ নামটো । মহিলা গৰাকী অভিযোগ কৰে সম্পূৰ্ণ তথ্য…

Read More

উত্তৰ শালমাৰাত আমছুৰ সতীৰ্থক শেষ শ্ৰদ্ধাঞ্জলি

উত্তৰ শালমাৰাত আমছুৰ সতীৰ্থক শেষ শ্ৰদ্ধাঞ্জলি অসম খবৰ@যোগীঘোপাৰ পৰা ইনামুল হক ৰিপ’ৰ্ট, ২২ মেঃ- বঙাইগাঁও জিলাৰ তালগুৰীত অনুমান ৫ বজাত আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিৰ অন্তৰ্গত চলন্তপাৰা আঞ্চলিক সমিতিৰ সদস্য মহেশ আলীয়ে সোমবাৰে এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক আকোৱালী ল’বলগীয়া হয়। উত্তৰ শালমাৰা জিলা আমছুৰ সভাপতি বাহাৰুল ইছলামে তেখেতৰ মৃত্যুত মৰ্মাহত হৈ গভীৰ শোক প্ৰকাশ কৰি কয়, “আলী এজন নিষ্ঠাৱান,সাহসী,দক্ষ আমছুৰ কৰ্মী আছিল তেখেতক হেৰুৱাই আমি মৰ্মাহত হৈছো আৰু আমাৰ বৃহৎ ক্ষতি হল” বুলি মন্তব্য কৰে। তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শেষ শ্ৰদ্ধাঞ্জলি…

Read More

সংযুক্তা পৰাশৰলৈ ৰমণী গাভৰু বঁটা : উক্ত বঁটাটি অসম আৰক্ষীলৈ উচৰ্গা কৰিলে সংযুক্তা পৰাশৰে

সংযুক্তা পৰাশৰলৈ আগবঢ়োৱা ৰমনী গাভৰু বঁটা অসম আৰক্ষীলৈ উচৰ্গা কৰিলে সংযুক্তা পৰাশৰে কেন্দুগুৰি আঞ্চলিক দ্বি বাৰ্ষিক বহাগী বিদায় উৎসৱ  উদযাপন সমিতিয়ে প্ৰদান কৰে  এই বঁটা অসম খবৰ, নাজিৰাৰ পৰা পূজা কোঁৱৰ,১৩ মে :-  শিমলুগুৰি ঐতিহাসিক  কেন্দুগুৰি আঞ্চলিক দ্বি বাৰ্ষিক বহাগী বিদায় উৎসৱ উদযাপন সমিতিয়ে ২০১০ চনৰ পৰা প্ৰতি দুটা বছৰৰ মুৰে মুৰে প্ৰদান কৰি আহিছে ৰমনী গাভৰু বঁটা৷ প্ৰথমৰ পৰা ক্ৰমে ২০১০ চনত বিশিষ্ট অভিনেতা বিজু ফুকন, ২০১২ বৰ্ষত বিশিষ্ট লেখিকা ইলা বৰগোহাঁই, ২০১৪ বৰ্ষত বিশিষ্ট গীতিকাৰ, সুৰকাৰ তথা সংগীত  পৰিচালক মানস ৰবীন আৰু ২০১৬ বৰ্ষত বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীক…

Read More