চিৰাঙৰ বিজনী মাজৰাবাৰীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

চিৰাঙৰ বিজনী মাজৰাবাৰীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ ◆ দুজনক গ্ৰেপ্তাৰ অসম খবৰ @ বিজনী ১৪ জুলাইঃ- চিৰাং জিলাৰ বিজনীত অব্যাহত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়। শনিবাৰে বন বিভাগ, আৰক্ষী আৰু এছ এছ বিয়ে বিজনীৰ মাজৰাবাৰীত অতৰ্কিতে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ বহু মূল্যবান চোৰাং কাঠৰ কুণ্ডা। জব্দকৃত চোৰাং কাঠখিনিৰ বজাৰ মূল্য দহ লক্ষাধিক টকাতকৈও অধিক হ’ব যদিও চৰকাৰী মূল্য হিচাপত ৭/৮ লাখ টকা হ’ব বুলি জনাইছে বন বিভাগৰ লোকে। ইফালে মাজৰাবাৰীৰ উক্ত স্থানতে অবৈধ ভাবে স্থাপন কৰা অবৈধ কাঠ ফলা মিল(মেচিন) এটা আছিল যদিও বন বিভাগৰ অভিযানৰ আগতীয়া সম্ভেদ…

Read More

অসমৰ বাবে এক গৌৰৱময় মুহূৰ্ত…

অসমৰ বাবে এক গৌৰৱময় মুহূৰ্ত… অসম খবৰ@(বৰ্ণালী কলিতা)ষ্টাফ ৰিপৰ্টাৰ,গুৱাহাটী, ১১জুলাইঃ- সুদূৰ ইউৰোপ মহাদেশৰ ৰাছিয়াত অনুষ্ঠিত হৈ থকা বিশ্বকাপ ফুটবলত অসমৰ তনয়া গীতকা তালুকদাৰে অসমক প্ৰতিনিধিত্ব কৰি ফটো সাংবাদিকতা অব্যাহত ৰাখিছে। এক বিৰল মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল অসম। তেওঁৰ এই কৃতিত্বত সমগ্ৰ অসম তথা অসমীয়া জাতিয়ে গৌৰৱবোধ কৰিছে। গীতিকা তালুকদাৰলৈ ৰাজ্যৰ লগতে অসম খবৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলো।

Read More

বিশ্বনাথত জিলা টাইকোৱানডো প্ৰতিযোগিতাৰ সফল সমাপ্তি

বিশ্বনাথত জিলা টাইকোৱানডো প্ৰতিযোগিতাৰ সফল সমাপ্তি   অসম খবৰ ৰিপৰ্ট বিশ্বনাথ চাৰিআলি ৯ জুলাই জিলা টাইকোৱানডো সন্থাৰ উদ্যোগত যোৱা ইং ০৮ জুলাই ২০১৮ তাৰিখে বিশ্বনাথ চাৰিআলিৰ চেম্পিয়নছ্ মেকাৰ একাডেমীত দিনযোৰা কাৰ্য্যসূচীৰে বিশ্বনাথ জিলা টাইকোৱানডো প্ৰতিযোগিতা আৰু ৩৫ সংখ্যক ৰাজ্যিক টাইকোৱানডো প্ৰতিযোগীতালৈ প্ৰতিযোগিতালৈ বিশ্বনাথ জিলাৰ দলটি নিৰ্বাচিত কৰা হয় ৷ প্ৰতিযোগিতাখনি পুৱা ১০ বজাত বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ স্থায়ী সভাপতি দিৱ্যজ্যোতি বৰুৱাই পাতাকা উত্তোলন কৰে আৰু বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ কৰিকৰী সঞ্চালক পাৰ্থ হাজৰিকাই প্ৰতিযোগিতাৰ দ্বাৰ মুকলি কৰাৰ লগতে বিশ্বনাথ চাৰিআলিৰ জেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভণি কৰে ৷…

Read More

অাহোমৰ প্ৰথমজন স্বৰ্গদেও চাওলুং ছ্যুকাফাৰ মৈদামত লোৰ বেৰা দিয়াৰ এটি মুহূৰ্ত…

অবহেলিত ৰূপত পৰি থকা অাহোমৰ প্ৰথমজন স্বৰ্গদেও চাওলুং ছ্যুকাফাৰ মৈদামত অাজি এই দৰে লোহাৰ বেৰা দিয়া হয় । ফটো © শান্তনু কোঁৱৰ, মৰাণ

Read More

পেট্ৰল ডিজেলৰ অত্যধিক মূল্য বৃদ্ধিৰ বিৰুদ্ধে অসম কংগ্ৰেছ কমিটিৰ বিশেষ প্ৰতিবাদ

পেট্ৰল ডিজেলৰ অত্যধিক মূল্য বৃদ্ধি বিৰোধিতাৰে অসম কংগ্ৰেছ কমিটিৰ বিশেষ প্ৰতিবাদ…. ফটো@জাহিদুল ইছলাম 

Read More

গহপুৰত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

অসম খবৰ, গহপুৰ , ১৪ মে :- আজি গহপুৰত ব্লক কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে নাগৰিকত্ব সংশোধনী বিৰুদ্ধে বিশাল গণ প্ৰতিবাদেৰে ৰাজপথ উত্তাল কৰি তুলে  ।

Read More

দীঘলীপুখুৰী পাৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নেছ'(NESO)ৰ প্ৰতিবাদ

* দীঘলীপুখুৰী পাৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নেছ'(NESO)ৰ প্ৰতিবাদী কাৰ্যসূচীত কৃষক নেতা অখিল গগৈয়ে সহযোগিতা আগবঢ়োৱাৰ এটি মুহূৰ্ত, শনিবাৰে  ।  ফটো:- মনোজ ডেকা

Read More