উদুলি-মুদুলি পৰিবেশৰ মাজত চিৰাঙৰ দৈজিং উৎসৱ

চিৰাং জিলাৰ খাগ্ৰাবাৰীৰ আই নৈৰ পাৰৰ উদুলি-মুদুলি পৰিবেশৰ মাজত অনুষ্ঠিত হৈছে দৈজিং উৎসৱ ৷ ২৭ ডিচেম্বৰৰ পৰা অহা ৭ জানুৱাৰী লৈ চলিব এই উৎসৱ। শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দৈজিং উৎসৱত উপস্থিত হৈ আনন্দ উপভোগ কৰে বুলি জনায়। এই উৎসৱ আয়োজনৰ জৰিয়তে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একতাৰ বান্ধোন শক্তিশালী কৰি তুলিছে বুলি সোণোৱালে মন্তব্য কৰে ৷ আনহাতে , উৎসৱথলীত আয়োজিত সভাত উপস্থিত হয় ডব্লিউ ডব্লিউ এফৰ বিখ্যাত যোদ্ধা গ্ৰেট খালী ৷ খালীয়ে মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে ৰাইজৰ সন্মুখত একেলগে হাত দাঙি অভিবাদন জনায় ৷ খালীক মূখ্যমন্ত্ৰীয়ে আৰনায় পিন্ধাই অভিবাদন জনায় ৷…

Read More