সু-খবৰ

  তেজপুৰ তথা উত্তৰ অসমবাসীলৈ                  সু-খবৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন PPP(Public Private Partnership) আৰ্হিত স্থাপিত তেজপুৰৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান “গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী” (জি আই এম টি,http://gimt-tezpur.ac.in),ত গুৱাহাটীৰ আজাৰা স্থিত জি আই এম টিৰ ষ্টুডেন্ট এফেয়াৰ্ছৰ ডীন তথা অসমৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে অহা ১ আগষ্টত অধ্যক্ষ হিচাপে যোগদান কৰিব ।  শিক্ষা প্ৰতিষ্ঠানখনত আগবঢ়োৱা পাঠ্যক্ৰম সমূহ হৈছে চিভিল, মেকানিকেল আৰু ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং ।  ইয়াৰে চিভিল আৰু মেকানিকেল বিভাগৰ প্ৰতিটো বিভাগৰে আসনৰ সংখ্যা ৬০ খন আৰু ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ আসনৰ…

Read More

মোডীৰ সমালোচনাত মুখৰ অমৰ্ত্য সেন

মোডীৰ সমালোচনাত মুখৰ অমৰ্ত্য সেন   অসম খবৰ ভাৰতক ধ্বংসৰ গৰাহলৈ লৈ গৈছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে। এই মন্তব্য আগবঢ়াইছে ন’বেল বঁটা বিজয়ী প্ৰখ্যাত অৰ্থনীতিবিদ অমৰ্ত্য সেনে। প্ৰধান মন্ত্ৰী মোডীয়ে অনুসৰণ কৰা অৰ্থনৈতিক নীতিৰ তীক্ষ্ণ সমালোচনা কৰি অৰ্থনীতিবিদগৰাকীয়ে কয়- ‘মোডী চৰকাৰে ভুল পথত খোজ দি দেশখনক বৰবাদ কৰি আছে। অৰ্থনৈতিক ক্ষেত্ৰত দেশখন আগুৱাই যোৱাৰহে কথা। কিন্তু মোডী চৰকাৰে ভুল পথ বাছি লোৱা বাবে ভাৰতীয় অৰ্থনীতি ক্ৰমশঃ পিছুৱাই গৈ আছে। ২০১৪ চনৰ পৰাই এই প্ৰৱণতা দেখা গৈছে।’ প্ৰখ্যাত অৰ্থনীতিবিদগৰাকীয়ে লগতে কয় যে ২০১৪ চনৰ পৰা অৰ্থনৈতিক ক্ষেত্ৰত যিবোৰ ঘটি আছে সকলো…

Read More

অসমত প্ৰথম ধৰ্মীয় সংখ্যালঘু প্ৰতিনিধি বিহীন মন্ত্ৰীসভা

অসমত প্ৰথম ধৰ্মীয় সংখ্যালঘু প্ৰতিনিধি বিহীন মন্ত্ৰীসভা Posted on April 28, 2018 by asomkhobor অসমত প্ৰথম ধৰ্মীয় সংখ্যালঘু প্ৰতিনিধি বিহীন মন্ত্ৰীসভা                   মঃ নুৰ হুছেইন,  বিশ্বনাথ চাৰিআলি,                       মোবাইলঃ ৮৬৩৮০-৮৩০২৬     অৱশেষত মন্ত্ৰীসভা গঠনৰ দুবছৰ পাছত সৰ্বানন্দ সোণোৱাল-নেতৃত্বাধীন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ল । অসমৰ ৰাজনীতিত অভিলেখ সৃষ্টি কৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ধৰ্মীয় সংখ্যালঘু মুছলমানবিহীন পূৰ্নাঙ্গ মন্ত্ৰীসভা গঠন কৰিলে । প্ৰাক স্বাধীনতা কাল তথা স্বাধীনতাৰ পৰবৰ্ত্তী সময়ত এয়া প্ৰথমবাৰৰ মন্ত্ৰীসভাত উপেক্ষিত এক বিশেষ সম্প্ৰদায়ৰ প্ৰতিনিধি ।…

Read More