জি এছ টিৰ বাবে মহাসংকটত সৰ্থেবাৰীৰ কঁহাৰ শিল্পী

জি এছ টিৰ বাবে মহাসংকটত সৰ্থেবাৰীৰ কঁহাৰ শিল্পী অসম খবৰ @ জি এছ টিৰ ফলত এক প্ৰকাৰ কোঙা হৈ পৰিছে অসমৰ ঐতিহ্যমণ্ডিত কাঁহ শিল্প।উল্লেখ্য যে ভাৰতৰ একমাত্ৰ এই হস্তিশল্পবিধৰ লগত জড়িত হৈ আছে অসমৰ কেইবাহাজাৰো শিল্পী। কিন্তু শেহতীয়াভাৱে সংযোজিত জি এছ টি ব্যৱস্থাৰ ফলত এইবিধ শিল্প উদ্যোগ আৰু ইয়াৰ লগত জড়িত শিল্পী আৰু ব্যৱসায়ীসকল ক্ষতিগ্ৰস্ত হ’বলগা হৈছে। অসমৰ সম্ভাৱনাপূৰ্ণ আৰু ঐতিহ্যপূৰ্ণ এই জাতীয় উদ্যোগটোৰ ওপৰত জি এছ টিয়ে মাধমাৰ শোধোৱাই নহয়, যদি এই শিল্প উদ্যোগক জি এছ টিৰ পৰা ৰেহাই দিয়া নহয় তেতিয়াহ’লে অচিৰেই ই মৃত্যুমুখলৈ গতি কৰিব। এই মন্তব্য…

Read More

যোগীঘোপাৰ বালাপাৰাত অগ্নিকাণ্ড

যোগীঘোপাৰ বালাপাৰাত অগ্নিকাণ্ডঃ প্ৰায় লক্ষাধিক টকাৰ ক্ষতিসাধনঃ অসম খবৰ LIVE@ইনামুল হক , যোগীঘোপা, ২৩ মেঃ  বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত বালাপাৰা গাঁৱত আজি দিনৰ ২.৩০ বজাত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত এটা বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মীভূত হয় । জানিব পৰা মতে বালাপাৰা গাঁও নিবাসী বছিৰ উদ্দিনৰ বাসগৃহ এটা অগ্নিকাণ্ড সংঘটিত হয় । লোক গৰাকীৰ ঘৰত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত এটা বাসগৃহ সম্পূৰ্ণ ৰূপে ভষ্মীভূত হোৱাত প্ৰায় তিনি লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় বুলি জানিব পৰা গৈছে ।

Read More

বিশ্বনাথ চহৰত নতুন সাহিত্য পৰিষদ আৰু ভাৰতীয় গণনাট্য সংঘৰ গণ স্বাক্ষৰ অভিযান

বিশ্বনাথ চহৰত নতুন সাহিত্য পৰিষদ আৰু ভাৰতীয় গণনাট্য সংঘৰ দোকানে দোকানে গণ স্বাক্ষৰ অভিযান   অসম খবৰ@ বিশেষ সেৱা , বিশ্বনাথ চাৰিআলি ১৬ মে :- সমগ্ৰ ৰাজ্য লগতে আজি বিশ্বনাথ চাৰিআলি চহৰৰ মাজ মজিয়াত থকা সমুহ দোকানী পথচাৰী বাছত অহা বাছ যাত্ৰী চালক ছাত্ৰ ছাত্রীকে ধৰি প্ৰতি জন অসমীয়া নাগৰিকে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুদ্ধে গণ স্বাক্ষৰ অভিযানত সহযোগ কৰে । প্ৰতি জন নাগৰিকে স্বাক্ষৰ কৰি বিল খন বাতিল কৰিবলৈ দাবী জনাই ।  ইফালে একে দাবীতে বিশ্বনাথ চাৰিআলি চহৰৰ খনত ভাৰত ছাত্র ফেডাৰেছন আৰু ভাৰত গণতান্ত্ৰিক যুৱ ফেডাৰেছনে গণ স্বাক্ষৰ…

Read More

বিহালীত আছু আজৱ কাণ্ড নাগৰিকত্ব (সংশোধনী) আইন-২০১৬ বিধেয়ক বিৰুদ্ধে প্ৰতিবাদ নকৰিবলৈ আহ্বান বিহালী ৰাইজ তথা ছাত্র ছাত্ৰীক

বিহালীত আছু আজৱ কাণ্ড নাগৰিকত্ব (সংশোধনী) আইন-২০১৬ বিধেয়ক বিৰুদ্ধে প্ৰতিবাদ নকৰিবলৈ আহ্বান বিহালী ৰাইজ তথা ছাত্র ছাত্ৰীক বিদ্যালয় কলেজৰ ছাত্ৰ ছাত্ৰীক বাধা আছুক সকীয়নি ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ অসম খবৰLIVE@ ডিজিটেল নিউজ ডেস্ক,বিহালী ,১০ মে:-আজি বিহালী বৰগাং ৰাজ পথ উত্তাল কৰে বিহালী ২৮ টাকৈ জাতি জনগোষ্ঠীয় সংগঠনে । প্ৰথমে বৰগাং ৰংগমঞ্চ প্ৰাংগণত সমুহ দল সংগঠনৰ সদস্য সকল উপস্থিত হৈ এখনি প্ৰতিবাদী সভা অনুষ্ঠিত হয় । প্ৰতিবাদী সভাৰ পিচতে সমুহ দল সংগঠনৰ লগতে বিহালীবাসী ৰাইজ ৰাজ পথলৈ ওলাই আহি এক প্ৰতিবাদী সমদল উলিয়াই ৰাজপথ উত্তাল কৰি তোলে । বিজেপি চৰকাৰৰ হাই হাই হিন্দু…

Read More

তামুলপুৰ মহকুমাৰ অন্তৰ্গত গুৱাবাৰীত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উত্তাল প্ৰতিবাদ

তামুলপুৰ মহকুমাৰ অন্তৰ্গত গুৱাবাৰীত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উত্তাল প্ৰতিবাদ সুকুমাৰ বিশ্বাসৰ  প্ৰতিমূৰ্তি দাহ অসম খবৰLIVE , কুমাৰীকাটাৰ পৰা ধীৰজ উপাধ্যায়ৰ বিশেষঃ প্ৰতিবেদন, কুমাৰীকাটা: ১০ মে: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ গুৱাবাৰীতসদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে আজি বিশেষঃ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। শতাধিক ৰাইজৰ উপস্থিতিত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বাক্সা জিলাৰ সমিতিৰ উদ্যোগত সুকুমাৰ বিশ্বাসৰ ওপৰত সকলো ৰাইজৰ উপস্থিতিত  সংগঠনটোৱে উত্তাল প্ৰতিবাদ কৰে । নিজকে ১৬ টা বাঙালী সংঘটনৰ নেতা বুলি পৰিচয় দি নাগৰিকত্ব বিধেয়ক সংশোধনত বিৰোধিতা কৰা আৰু ভুল মন্তব্য কৰাক লৈ ক্ষোভিত হৈ পৰিছে বাঙালী…

Read More

ধৰ্মপ্ৰাণ ব্যক্তি দুৰ্গা প্ৰসাদ উপাধ্যায় (অধিকাৰী) ৰ মৃত্যুত শোকৰ ছাঁ

ধৰ্মপ্ৰাণ ব্যক্তি দুৰ্গা প্ৰসাদ উপাধ্যায় (অধিকাৰী)ৰ মৃত্যু ধৰ্মপ্ৰাণ ব্যক্তি দুৰ্গা প্ৰসাদ উপাধ্যায় (অধিকাৰী) ৰ মৃত্যুত শোকৰ ছাঁ অসম খবৰLive@কুমাৰীকাটা: ৩০ এপ্ৰিল: ধীৰজ উপাধ্যায়: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা লতিবাৰী নিবাসী বিশিষ্ট সমাজসেৱক তথা ধৰ্মপ্ৰাণ ব্যক্তি দুৰ্গা প্ৰসাদ উপাধ্যায়ৰ আজি পুৱতি নিশা ৩.৩০ বজাত পৰলোকগামী হয় । জানিব পৰা মতে তেখেত বিগত কেইমাহমান ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল আৰু পৰিয়ালে বহু চিকিৎসা কৰাৰ পিছতো তেখেতক সুস্থ কৰি তুলিব পৰা নাছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৯৫ বছৰ হৈছিল আৰু তিনিগৰাকী পুত্ৰ,বোৱাৰী, নাতি-নাতিনী আৰু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়। বিশিষ্ট ধৰ্মপ্ৰাণ ব্যক্তিগৰাকীৰ মৃত্যুত…

Read More