মহানগৰীত সৌন্দৰ্যচৰ্চাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি

মহানগৰীত সৌন্দৰ্যচৰ্চাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি কৰ্মসংস্থাপন বিচাৰি ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে যি সময়ত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, তেনে সময়তে মহানগৰীৰ এগৰাকী মহিলাই নিবনুৱা যুৱতীসকলক কৰ্মসংস্থান দিয়াৰ উদ্দেশ্যে হাতত লৈছে এক পদক্ষেপ । মহানগৰীৰ জ্যোতিকুছিত পিংকি ভট্ট নামৰ মহিলা এগৰাকীয়ে নিবনুৱা যুৱতীসকলক কৰ্মসংস্থাপন প্ৰদানৰ উদ্দেশ্যে সোমবাৰে উদ্বোধন কৰে ‘পিংকিছ মেকআপ ষ্টুডিঅ”। পিংকিছ মেকআপ ষ্টুডিঅ’ত অতি কম খৰচতে যুৱতী-মহিলাসকলক সৌন্দৰ্যচৰ্চা কৰাৰ লগতে ইয়াৰ জৰিয়তে কেইবাগৰাকী যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰিব । এই সম্পৰ্কত পিংকি ভট্টই জানিবলৈ দিয়ে যে ইয়াত যুৱতীসকলক বিভিন্ন ধৰণৰ সৌন্দৰ্যচৰ্চাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব যাতে তেওঁলোক স্বাৱলম্বী হ’ব পাৰে…

Read More