বিশ্বনাথত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুদ্ধে উকীল সন্থাৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰোধীতা কৰি আজি বিশ্বনাথৰ উকীল সন্থাই এক প্ৰতিবাদী কাৰ্যাসূচী ৰূপায়ন কৰে। সমগ্র অসমৰ লগতে আজি কৰ্মবিৰতিৰ আৰু সমদলৰ জড়িয়তে উকীল সন্থাৰ কাৰ্যালয়ৰ সন্মুখত নাগৰিকত্ব বিল বাতিল কৰক, অবৈধ বাংলাদেশী হাই হাই, আদি শ্ল’গানে উত্তাল কৰি তুলে বিশ্বনাথৰ উকীল সন্থা কাৰ্যালয় । বিশ্বনাথৰ উকীল সন্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কায্যসূচী জড়িয়তে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰোধিতা কৰি প্ৰয়োজনত হ’লে বিধেয়ক খনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপা লগতে সময়ত আইন অমান্য আন্দোলন গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ দিয়ে বিশ্বনাথ উকীল সন্থাই।  

Read More

বিহালীত লাচিত দিৱসৰ দিনাই লাচিতৰ দৰে যুদ্ধ সংকল্প ললে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাইঃ”কংগ্ৰেছৰ প্ৰতিজন সদস্যই একো একোজন লাচিত”

ডঙুৱা সৰ্বানন্দই বুজি নাপাই সৰু লৰা ছোৱালীৰ মৰম সৰ্বানন্দ সোনোৱাল ডঙুৱা মানুহ ৷ সেয়েহে বৰলা সৰ্বানন্দই বুজি নাপায় সৰু লৰা ছোৱালীৰ মৰম ৷ শনিবাৰে বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঘমাৰি চাহ বাগিছাৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই । বৰাই নিৰ্বাচনী সভাত প্ৰকাশ কৰে পঞ্চায়ত নিৰ্বাচনত দুটাত কৈ অধিক সন্তান থকা লোকে পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰিব বুলি চৰকাৰে কৰা নতুন নিয়ম সন্দৰ্ভত কয় বিয়া নপতা সৰ্বানন্দই ল’ৰা ছোৱালীৰ মৰম কি বুজি পাব একো বুলি নাপায় বাবেই এই নতুন নিয়ম বনাইছে ৷ চৰকাৰে পানী যোগান ধৰিব লাগে, চৰকাৰে…

Read More

কোন দিশে ৰাজ্যৰ শাসন ব্যৱস্থা ? ধোঁৱাচাঙত পৰিণত প্ৰধানমন্ত্ৰী মোডীৰ স্বচ্ছতাৰ শ্লোগান, প্ৰসহনত বিহালীৰ এখন গাঁৱৰ

দুই নাওঁ দুই ভৰি দি বিপদত পৰা বিহালী এখন গাঁও, ধোঁৱাচাঙত পৰিণত প্ৰধানমন্ত্ৰী মোডীৰ স্বচ্ছতাৰ শ্লোগান। এফালে ৰাজ্য চৰকাৰৰ মিছন হান্দ্ৰেড আনফালে এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত ৰাইজৰ মাজত হাহাকাৰ পৰিবেশ। মোডী চৰকাৰৰ স্বচ্ছতা অভিযানৰ ছাঁটোও নপৰা বিহালী মিলপুৰ গাঁৱৰ কথাকে আমি উল্লেখ কৰিব বিচাৰিছোঁ। জীয়াই থকাৰ মৌলিক অধিকাৰক উপেক্ষা কৰিছে জনপ্ৰতিনিধিয়ে। এইখন গাঁৱত নাই কোনো সুচল বাট পথ। স্বচ্ছতা এক পৰিহাস ৷ ধোঁৱাচাঙলৈ পৰিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত মিছনৰ সপোন ৷ যি সময়ত ৰাজ্য চৰকাৰে মিছন হান্দ্ৰেড আচঁনিৰ জড়িয়তে ১১১ খন বিশুদ্ধ খোৱা পানী যোগান আচঁনিৰে কোটি কোটি টকাৰ…

Read More