কাহিলিপৰাত বাঘৰ আতংক

এইয়া কোনো অভয়াৰণ্য বা ঘন অৰণ্যৰ দৃশ্য নহয় । এই দৃশ্য ক্ষুদ ব্যস্ততাময় গুৱাহাটী মহানগৰৰ কাহিলিপৰা দৃশ্য । খাদ্যৰ সন্ধানত নতুবা অন্য কাৰণত বনাঞ্চলৰ পৰা ঘন জন অৰণ্যৰ মাজত মুক্ত বিচৰণ বাঘৰ । সাৱধান কাহিলিপৰা বাসী ৰাইজ এতিয়া বাঘ ওলাইছে কাহিলিপৰাত । ডি পি আই ৰাজীৱ নগৰ হৈ ভঙাঘৰ অভিমুখে যোৱা পথৰ এই দৃশ্য । সন্ধিয়া দুই যুৱকে নিজৰ ব্যক্তিগত বাহনেৰে ৰাজীৱ নগৰ হৈ ভঙাঘৰ গৈ থকাত অৱস্থাত হঠাতে এটা লতামেকুৰী বাঘ সহ পাছতকৈ বাঘৰ পোৱালি প্রত্যক্ষ কৰে। ঘটনাটো ঘটাৰ পিছ মুহূৰ্ততে এতিয়া আতংকিত হৈ পৰিছে ৰাজীৱ নগৰ বাসী ৰাইজ…

Read More

বঙাইগাঁও অসামৰিক চিকিৎসালয়ত অগ্নিকাণ্ডত আতংকিত ৰোগী

        বঙাইগাঁও অসামৰিক চিকিৎসালয়ত অগ্নিকাণ্ড ● আতংকিত ৰোগী     অসম খবৰ বঙাইগাঁও২৮ জুলাই, দিনৰ প্ৰায় ১১:৩০ মান বজাত চিকিৎসালয়ৰ প্ৰসুতি কক্ষত বৈদ্যুতিক বিজুতিৰ ফলত জুই লাগে ৷ জুইত আতংকিত হৈ ৰোগী তথা ৰোগীৰ অভিভাৱক আৰু চিকিৎসালয়ৰ কৰ্মচাৰী চিকিৎসক বাহিৰলৈ ওলাই আহে ৷ দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী জুই নুমাবলৈ সক্ষম হয় ৷জানিব পৰা মতে লগে লগে বঙইগাঁও জিলাৰ দুগৰাকী অতিৰিক্ত উপাযুক্তই ঘটনাস্থলি পৰিদৰ্শন কৰি ঘটনাৰ বুজ লয় ৷ জুইৰ জ্বলা ফলত কোনো ৰোগী বা মানুহৰ একো ক্ষতি সাধন হোৱা নাই বুলি চিকিৎসালয়ৰ কতৃপক্ষই জনায় ।

Read More

নুমলীগড়ৰ ৰঙাজানত পথ দুৰ্ঘটনা

নুমলীগড় ৰঙাজানত পথ দুৰ্ঘটনা অসম খবৰ,মানস বৰুৱা,নুমলীগড়,২৮ জুলাই:- ৰঙাজানত আজি এক পথ দুৰ্ঘটনা সংঘটিত হয়। গোলাঘাটৰ পৰা পোৰাবাংলা অভিমূখে আহি থকা এখন যাত্ৰীবাহী মেজিকক খুন্দা মাৰে ডিমাপুৰ অভিমুখী NL-02T-1639 নম্বৰৰ এখন টাটা চুমু গাড়ীয়ে ।মেজিকখনত থকা এগৰাকী মহিলা আহত হৈছে।বৰ্তমান বাহন দুখন আৰক্ষীৰ জিম্মাত।

Read More

পিষ্টল দেখুৱাই বেংকৰ মহিলা কৰ্মচাৰীৰপৰা ধন লুট

হোজাই জিলাৰ ডবকা থানাৰ অন্তৰ্গত হিন্দু ব্লকত দিন দুপৰতে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে ৷ পিষ্টল দেখুৱাই বন্ধন বেংকৰ দুই মহিলা কৰ্মচাৰীক মাৰপিট কৰি ৬০ হাজাৰ টকা লুট কৰি লৈ যায় দুৰ্বৃত্তৰ দলটোৱে ৷ প্ৰাপ্ত তথ্য অনুসৰি হিন্দু ব্লকৰ শ’লমাৰীজান গাঁৱত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় ৷ হোজাইৰ জিলাৰ যোগীজান বন্ধন বেংকৰ শাখা কাৰ্যালয়ৰ দুগৰাকী মহিলা কৰ্মচাৰী ক্ৰমে জুনমুন কাকতি আৰু ৰাখাল পণ্ডিত নামৰ কৰ্মচাৰীদ্বয়ে গোটৰ পৰা টকা সংগ্ৰহ কৰি কাৰ্যালয়লৈ গৈ থকা অৱস্থাত শ’লমাৰীজানৰ নিৰ্জন ঠাইত দুৰ্বৃত্তই বন্দুক দেখুৱাই টকাখিনি লুট কৰি লৈ যায় ৷ মহিলা কৰ্মচাৰী দুগৰাকীৰ…

Read More

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনাৰ কৰি গ্ৰেপ্তাৰ চাৰি চোৰাং চিকাৰী

দৰং আৰক্ষীৰ বৃহৎ সফলতা ◆ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনাৰ কৰি গ্ৰেপ্তাৰ চাৰি চোৰাং চিকাৰী অসম খবৰ@উজ্জ্বল জোতি ডেকা , মঙলদৈ ২২ জুলাই :- দৰঙৰ আৰক্ষী অধীক্ষক জিৎ টিৰ তৎপৰতাত জিলাখনত ক্ৰমাগতভাৱে হ্ৰাস পাবলৈ ধৰিছে অপৰাধ মূলক কাৰ্যকলাপ। ইটোৰ পিছত সিটো সফল অভিযানৰ লগতে আৰক্ষী আৰু জনসাধৰণৰ মাজত এক সু-সম্বন্ধ গঢ়ি তুলিবলৈ সক্ষম হৈছে । দৰঙৰ এগৰাকী সফল আৰক্ষী অধীক্ষক হিচাবে জনসাধৰণৰ মাজত পৰিচিত হোৱা আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত যোৱানিশাও এক অভিযানত ৪ জন দুৰ্ধষ গঁড়ৰ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ঘটনাৰ সবিশেষৰ বাবে আজি ১২ বজাত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত…

Read More

এগৰাকী মহিলাৰ হত্যাক লৈ মহানগৰীৰ গোশালাত উত্তপ্ত পৰিস্থিতি

BREAKING NEWS ➡মহানগৰীৰ গোশালাত উত্তপ্ত পৰিস্থিতি ➡এগৰাকী মহিলাৰ হত্যাক লৈ এই পৰিস্থিতি ➡স্বামী অনন্ত নাৰায়ণ গগৈ আৰু শাহু পূৰবী গগৈয়ে পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ ➡বুলবুল গগৈ নামৰ মহিলাগৰাকীৰ মৃত্যুক লৈ গোশালা বকুল তলত উত্তপ্ত পৰিস্থিতি ➡স্থানীয় ৰাইজে ভাঙি লণ্ড-ভণ্ড কৰে স্বামীৰ বাসগৃহ ➡বৰ্তমান গোশালা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি কিছু নিয়ন্ত্ৰণ কৰে

Read More

১৯ জন ACS ৰাজপত্ৰিত বিষয়ালৈ চমন

১৯ জন ACS ৰাজপত্ৰিত বিষয়ালৈ চমন   পুনৰ ১৯জন ৰাজপত্ৰিত বিষয়ালৈ চমন ডিব্ৰুগড় আৰক্ষীৰ। ১৮ জুলাইত কাহিলিপাৰাৰ আৰক্ষীৰ বিশেষ শাখাত হস্তাক্ষৰৰ পৰীক্ষা দিব লাগিব বিষয়াকেইজনে। ২০১৬ চনত নিযুক্তি লাভ কৰিছিল বিষয়াকেইজনে। ৰাকেশ পালক উৎকোচ দি চাকৰি লোৱাৰ সন্দেহত হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰিব তদন্তকাৰী আৰক্ষীয়ে। চমন জাৰি কৰা বিষয়াসকলৰ ভিতৰত আছে ১৩জন ACS, ৩জন APS আৰু এজনকৈ DTO, কৰ অধীক্ষক আৰু কৰ পৰিদৰ্শক। চমন জাৰি কৰা বিষয়াকেইগৰাকী হ’ল ক্ৰমে ACS বিষয়া উৎপল ভূঞা, বৰ্ণালী দাস, সুশোভন দাস, ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তী, মঞ্জুৰ ইলাহী লস্কৰ, মুন মজুমদাৰ, মণিকা টেৰনপী, মুস্তাফা আহমেদ বৰভূঞা, মহম্মদ ছাইবুৰ ৰহমান…

Read More

চিৰাঙৰ বিজনী মাজৰাবাৰীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

চিৰাঙৰ বিজনী মাজৰাবাৰীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ ◆ দুজনক গ্ৰেপ্তাৰ অসম খবৰ @ বিজনী ১৪ জুলাইঃ- চিৰাং জিলাৰ বিজনীত অব্যাহত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়। শনিবাৰে বন বিভাগ, আৰক্ষী আৰু এছ এছ বিয়ে বিজনীৰ মাজৰাবাৰীত অতৰ্কিতে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ বহু মূল্যবান চোৰাং কাঠৰ কুণ্ডা। জব্দকৃত চোৰাং কাঠখিনিৰ বজাৰ মূল্য দহ লক্ষাধিক টকাতকৈও অধিক হ’ব যদিও চৰকাৰী মূল্য হিচাপত ৭/৮ লাখ টকা হ’ব বুলি জনাইছে বন বিভাগৰ লোকে। ইফালে মাজৰাবাৰীৰ উক্ত স্থানতে অবৈধ ভাবে স্থাপন কৰা অবৈধ কাঠ ফলা মিল(মেচিন) এটা আছিল যদিও বন বিভাগৰ অভিযানৰ আগতীয়া সম্ভেদ…

Read More

বহিঃৰাজ্যত নিৰ্যাতিত অসমীয়া মহিলা সাংবাদিক

বহিঃৰাজ্যত নিৰ্যাতিত অসমীয়া মহিলা সাংবাদিক অসম খবৰ@(বি.কলিতা) ষ্টাফ ৰিপৰ্টাৰ গুৱাহাটী, ১৪ জুলাই :- এইবাৰ বহিঃৰাজ্যৰ আৰক্ষীৰ দ্বাৰা অশালীন ব্যৱহাৰৰ অভিযোগ তুলিছে অসমীয়া মহিলা সাংবাদিক গৰাকীয়ে। উত্তৰপ্ৰদেশৰ গাজিবাদত আৰক্ষী প্ৰশাসনৰ দ্বাৰা অসমীয়া মহিলা সংবাদিকক অশালীন ব্যৱহাৰ। ঘটনাৰ বিবৃত্তি অনুসৰি, অনুজ্ঞাপত্ৰ নবীকৰণৰ বাবে মহিলা গৰাকীৰ বাসগৃহত সত্যতা নিৰূপনৰ বাবে উপস্থিত হোৱাৰ সময়তে মহিলা সাংবাদিক গৰাকীৰ সৈতে দুৰ্ব্যৱহাৰ কৰে উত্তৰপ্ৰদেশ আৰক্ষীত কৰ্মৰত আৰক্ষী দেৱেন্দ্ৰ সিং নামৰ বিষয়াজনে। উল্লেখ যে, মহিলা গৰাকীৰ প্ৰকৃত ঘৰ গুৱাহাটীত যদিও এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি কাকতৰ লগত জড়িত হোৱা হেতুকে কৰ্মসূত্ৰে মহিলা গৰাকী উত্তৰপ্ৰদেশৰ গাজিবাদত বসবাস কৰিছিল। বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২:১০…

Read More

দুৰ্নীতি নিবাৰক শাখাৰ জালত এইবাৰ যোৰহাট জিলাৰ ঔষধ পৰিদৰ্শক

দুৰ্নীতি নিবাৰক শাখাৰ জালত এইবাৰ যোৰহাট জিলাৰ ঔষধ পৰিদৰ্শক অসম খবৰ@জাহিদুল ইছলাম,ষ্টাফ ৰিপৰ্টাৰ,গুৱাহাটী ১৩ জুলাই:- যোৰহাট জিলাৰ ঔষধ পৰিদৰ্শক যুগল বৰুৱাক উৎকোচ লোৱাৰ অভিযোগত আজি দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে। ঔষধ পৰিদৰ্শক যুগল বৰুৱাক ২০,০০০ হাজাৰ টকা উৎকোচ লওঁতে হাতে লোটে ধৰা পৰে ঔষধ পৰিদৰ্শক বৰুৱা , জানিব পৰা মতে, যোৰহাট জিলাৰ ঔষধ পৰিদৰ্শক যুগল বৰুৱাই ফাৰ্মাচিষ্ট এজনক উৎকোচ বিচাৰি পূৰ্বৰে পৰাই হাৰাশাস্তি কৰি আহিছিল সেই মৰ্মে ফাৰ্মাচিষ্টগৰাকীয়ে কাষ চাপে দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত , ফাৰ্মাচিষ্টগৰাকীৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটা দল গুৱাহাটীৰ পৰা গৈ…

Read More

চালানি মাছ নিষিদ্ধকৰণৰ পাছত হুৰাহুৰে বাঢ়িছে থলুৱা মাছৰ দাম

চালানি মাছ নিষিদ্ধকৰণৰ পাছত হুৰাহুৰে বাঢ়িছে থলুৱা মাছৰ দাম ◆ নীৰৱ  চৰকাৰ-প্ৰশাসন … অসম খবৰ@(বি.কলিতা.)ষ্টাফ ৰিপৰ্টাৰ গুৱাহাটী,১৩ জুলাই: ৰাজ্য চাৰকাৰ খনে চালানি মাছৰ ক্ষেত্ৰত কৰা নিষিদ্ধকৰণৰ পাছতেই মাছৰ বজাৰত থলুৱা মাছৰ দাম অকাশলঙ্ঘী হোৱা পৰিলক্ষিত হৈছে। বিষাক্ত ফৰ্মেলিনযুক্ত চালানি মাছৰ আমদানি বন্ধ কৰাৰ পাছত ৰাজ্যখনত থলুৱা মাছৰ দাম অভাৱনীয় হাৰত বৃদ্ধি পাইছে। চলিত মাহৰ ১১ জুলাইত ১০ দিনৰ বাবে চালানি মাছ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল অসম চৰকাৰে। চৰকাৰৰ মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মীন বিভাগে “ঘৰে-ঘৰে পুখুৰী, ঘৰে-ঘৰে মাছ” এই আঁচনি খনৰ বাবদ ধার্য্য পুঁজি আজি পৰ্যন্ত মুকলি কৰি…

Read More

ৰাজ্যসভাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ

ৰাজ্যসভাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ অসম খবৰ@(বি.কলিতা)ষ্টাফ ৰিপৰ্টৰ,গুৱাহাটী, ১২ জুলাইঃ- ৰাজ্যসভাৰ দ্বাৰা লোৱা এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি চলিত মাহৰ ১৮ জুলাই পৰা ১০ আগষ্ট পৰ্যন্ত চলিবলগীয়া বৰ্ষাকালীন অধিবেশনত ৰাজ্যসভাৰ সংসদসমূহে নিজৰ নিজৰ মাতৃভাষাত মন্তব্য আগবঢ়াব পাৰিব। ৰাজ্যসভাই আগন্তুক অধিবেশনৰ বাবে আৰু নতুনকৈ ৫ টাকৈ ভাষা সংলগ্ন কৰিছে। এতিয়াৰে পৰা সিন্ধী, কাশ্মীৰী,ড’গৰী, কংকনী আৰু সংথলী এই ভাষাকেইটাত সংসদত মন্তব্য দিব পাৰিব বুলি ৰাজ্যসভাৰ অধ্যক্ষ মাননীয় ভেংকেয়া নাইডু ডাঙৰীয়াই ঘোষণা কৰে। তদুপৰি তেওঁ উল্লেখ কৰে যে, মাতৃভাষাই হৈছে নিজৰ নিজৰ মন্ত্যৱসমূহ দাঙি ধৰাৰ বাবে উত্তম তথা উপযুক্ত মাধ্যম। দেশৰ ২২টা ভাষাত ভাষণ দিয়াৰ…

Read More

পুনঃ সংঘাটিত চলন্ত ৰেলত দ্বিতীয়টো হত্যাকাণ্ড

◆ ২৪ ঘণ্টাৰ ভিতৰত চলন্ত ৰে’লত দ্বিতীয়টো নৃশংস হত্যাকাণ্ড। কামাখ্যা এক্সপ্ৰেছৰ পিছত অবধ আছাম এক্সপ্ৰেছত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ অৰ্ধনগ্ন মৃতদেহ। মৰিয়নীত অবধ আছাম এক্সপ্ৰেছৰ দিব্যাংগ ডবাৰ টয়লেটত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ। ডিঙিত গামোচা মেৰিয়াই থোৱা আছিল মহিলাগৰাকীৰ। মহিলাগৰাকীক বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ।

Read More

গাড়ীসহ দুৰ্ঘটনাত পতিত প্ৰতিষ্ঠিত ব্যৱসায়ী

গাড়ীসহ দুৰ্ঘটনাত পতিত প্ৰতিষ্ঠিত ব্যৱসায়ী ◆কথমপি প্ৰাণৰক্ষা অসম খবৰ@ বিহালী, ১১ জুলাই :- আজি পুৱা প্ৰায় ৬ মান বজাত বৰগাঙৰ প্ৰতিষ্ঠিত ব্যৱসায়ী জৈনুদ্দিন আনচাৰী নিজ গৃহৰ পৰা পুত্ৰসহ তেজপুৰ লৈ গৈ থকা অৱস্থাত বাঘমাৰীৰ সমীপৱৰ্তী নিউলাইনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতবেগী এখন ট্ৰাকে খুণ্ডা মৰাত জৈনুদ্দিন আনচাৰী পুত্ৰসহ আহত হয় । পিছফালৰ পৰা তীব্ৰবেগত খুণ্ডা মৰাৰ ফলত ঘাইপথৰ পৰা গৈ বাহঁনিত সোমাই পৰে । তেওঁ শৰীৰৰ কেইবাঠাইতো গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈ হোৱাত কেথলিক মিছন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত প্ৰাথমিক পৰ্যায়ৰ চিকিৎসাৰ অন্তত আঘাতৰ গুৰুত্ব বুজি তেজপুৰ মিৰ্দ্ধা হস্পিতালত…

Read More