নগাঁৱৰ কঠিয়াতলী, কামপুৰ, কচুৱা অঞ্চলত অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক 

স্বতঃস্ফূৰ্ত ভাৱে বন্ধ হৈ পৰিছে দোকান-পোহাৰ আৰু যান-বাহনৰ চলাচল । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জাতিদ্ৰোহী আখ্যা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাৰ ।নগাঁওৰ মাজমজিয়াতো এনেদৰে দেখা গল AJYCP ৰ লগতে বাকী দল সংগঠনে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ দাবীত ১৭ নৱেম্বৰত ২৭টাকৈ বাঙালী সংগঠনে খানাপাৰাত বিশাল গণসমাবেশৰ আয়োজন কৰিছে। এই গণ সমাবেশৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত আৰু ২৭টাকৈ বাঙালী সংগঠনৰ গণসমাবেশৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ…

Read More

মৰাণত বন্ধৰ প্ৰভাৱ ৰ্সবাত্মক

আজি ৪৩ টা সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত দিয়া ১২ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ ডিব্ৰুগড় জিলাৰ মৰাণ আৰু তিলৈনগৰত ৰ্সবাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। নিৰাপত্তা বাহিনীয়ে বন্ধ সৰ্মথক সকলে যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰবাবে সষ্টম হৈ থকা দেখিবলৈ পোৱা গৈছে। বন্ধৰ সময়ছোৱাত সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথত কোনো যান-বাহন দেখিবলৈ পোৱা নাই। বাতৰি সংগ্ৰহ কৰা সময়লৈকে এই অঞ্চলত কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই।

Read More