গোৰেশ্বৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় নাট আৰু নৃত্য মহোৎসৱত শিল্পী সাহিত্যিক কুশেশ্বৰ বৰালৈ ‘কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা’ সন্মান বঁটা

একেধাৰে নাট্যকাৰ,অভিনেতা,আবৃত্তিকাৰ,কবি,গল্পকাৰ,সুবক্তা,সত্ৰীয়া শিল্পী,চিত্ৰ ভাস্কৰ্য্য শিল্পী, সাহিত্য আৰু নাট্য সংগঠক,সমাজকৰ্মী,ভাগৱত পাঠক ইত্যাদি বহুমুখী প্ৰতিভাৰ স্বীকৃতি স্বৰূপে গোৰেশ্বৰ মহাবিদ্যালয়ত অনুষ্ঠিত সদৌ ভাৰত বহুভাষিক নাট আৰু নৃত্য মহোৎসৱত কুশেশ্বৰ বৰালৈ ‘নেচনেল পাৰফৰ্মিং আৰ্টচ এচোচিয়েচন অৱ ইণ্ডিয়া’ চমুকৈ (NPAAI) ‘কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা’ সন্মান বঁটা প্ৰদান কৰে। উক্ত বঁটা প্ৰদান কৰে ‘নেচনেল পাৰফৰ্মিং আৰ্টচ এচোচিয়েচন অৱ ইণ্ডিয়া’ সভাপতি গিৰিৰাজ জামিনিয়ে। শোণিতপুৰ জিলাৰ চিৰাজুলি অঞ্চলৰ পিছপৰা গাঁও শিঙিমাৰীত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈ শিল্প সংস্কৃতিৰ পথাৰ চহাই জীৱনৰ ভাটী বয়সত গুৱাহাটী মহানগৰীৰ অন্তৰ্গত পাণ্ডুৰ বাসিন্দা হৈ নিজৰ সৃষ্টি কৰ্ম অব্যাহত ৰখা মানুহজনে ১২ বছৰ বয়সতে যাত্ৰামঞ্চত অভিনয়…

Read More