বিশ্বনাথত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুদ্ধে উকীল সন্থাৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰোধীতা কৰি আজি বিশ্বনাথৰ উকীল সন্থাই এক প্ৰতিবাদী কাৰ্যাসূচী ৰূপায়ন কৰে। সমগ্র অসমৰ লগতে আজি কৰ্মবিৰতিৰ আৰু সমদলৰ জড়িয়তে উকীল সন্থাৰ কাৰ্যালয়ৰ সন্মুখত নাগৰিকত্ব বিল বাতিল কৰক, অবৈধ বাংলাদেশী হাই হাই, আদি শ্ল’গানে উত্তাল কৰি তুলে বিশ্বনাথৰ উকীল সন্থা কাৰ্যালয় । বিশ্বনাথৰ উকীল সন্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কায্যসূচী জড়িয়তে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰোধিতা কৰি প্ৰয়োজনত হ’লে বিধেয়ক খনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপা লগতে সময়ত আইন অমান্য আন্দোলন গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ দিয়ে বিশ্বনাথ উকীল সন্থাই।  

Read More

নাগৰিকপঞ্জী উন্নীতকৰণ দাবীত কঁপিল মেঘালয়

        ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ দাবীত কপিল মেঘালয়   অসম খবৰ  ডিজিটেল ডেক্স  ৩ আগষ্ট অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ কাম উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ক্ষীপ্ৰ গতিত চলি থকা সময়ত মেঘালয়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ দাবী জনালে হাইনিট্ৰেপ য়ুথ্ছ কাউন্সিলে । হাইনিট্ৰেপ য়ুথ্ছ কাউন্সিলে মেঘালয়ত ইনাৰ লাইন পাৰ্মিট আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ দাবীত মেঘালয়ৰ ৰাজপথ অৱৰোধ কৰে । উল্লেখ যে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পূৰ্ণাংগ খচৰা তালিকা প্ৰকাশৰ পিছত মেঘালয় আৰু নাগালেণ্ডৰ জাতীয় সংগঠন আৰু প্ৰশাসনে অবৈধ বিদেশী যাতে সুমাব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰখাইছে ।

Read More