বাক্সাৰ নিকাছিত অসম নেপালী নাট্য সন্মিলনৰ ত্ৰি- বাৰ্ষিক অধিবেশন

মুছলপুৰ@ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত নিকাছিৰ ইন্দ্ৰলাল পাঠক ছোৱালী স্কুলত আজি এদিনীয়া কাৰ্যসূচীৰে অসম নেপালী নাট্য সন্মিলনৰ ত্ৰি বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়। ইন্দ্ৰলাল পাঠক ছোৱালী হাইস্কুলত অনুষ্ঠিত হোৱা অসম নেপালী নাট্য সন্মিলনৰ কাৰ্য্যসূচী অনুসৰি পুৱা ৮ বজাত পতাকা উত্তোলন কৰে অসম নেপালী নাট্য সন্মিলনৰ সভাপতি জ্ঞান বাহাদুৰ ছেত্ৰীয়ে। ইয়াৰ পিছতে শ্বহীদ তৰ্পন দিয়া হয়। দিনৰ ১ বজাত জ্ঞান বাহাদুৰ ছেত্ৰীৰ সভাপতিত্বত এখন মুকলি সভা আয়োজন কৰা হয়। মানুহৰ জীৱন পৰিক্ৰমা এখনি নাটক সকলোৱে একোটা ভাও লৈ জীয়াই থাকে আৰু মৃত্যুৰ লগে লগে এই নাটকৰ সামৰণি পৰে । এই মন্তব্য…

Read More