ত্ৰিছ লক্ষ ভকত বৈষ্ণৱক আদৰিবলৈ সাজু অষ্টাশী সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও অধিবেশনৰ আদৰণি সমিতি, লাইখুটা স্থাপন

মাজত মাথো দুটা মাহ৷ মুঠ চাৰিদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে ফ্ৰেৱুৱাৰী মাহৰ ৬,৭,৮ আৰু ৯ তাৰিখৰ পৰা অনুষ্ঠিত হবলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও অধিবেশনৰ আজি লাইখুটা স্থাপন কৰা হয়। লাইখুটা স্থাপন কৰে সংঘৰ প্ৰধান পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই৷ প্ৰধান পদাধিকাৰ গৰাকীয়ে আনুষ্ঠানিকভাৱে লাইফুটা স্থাপন কৰাৰ লগে লগে মৰিগাঁও সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে৷ পদাধিকাৰ গৰাকীয়ে গুৰুজনাই দি যোৱা আদৰ্শৰে আগবাঢ়ি যাব বুলি মত প্ৰকাশ কৰে৷ ইফালে লাইখুটা স্থাপনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি সভাত অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, যুৱমন্ত্ৰী পীয়ূষ…

Read More